নগাঁওঃ নগাঁও জিলাৰ মৰিকলঙৰ ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ড সম্পৰ্কত নগাঁও আৰক্ষীয়ে পুনৰ দুজন অপৰাধীক কৰায়ত্ত কৰে (Morikolong Dacoity Case)। ধৃত অপৰাধী দুজনৰ নাম হৰিশ শৰ্মা আৰু সতীশ শ্বাহ। এই দুই অপৰাধীয়ে ডকাইতৰ দলটোক সহায় কৰিছিল।
উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলত এই ডকাইতি কাণ্ড সংঘটিত হৈছিল। ২৪ এপ্ৰিলৰ পুৱতি নিশা ডকাইতৰ আক্ৰমণত ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পৰিবাৰ ৰূপৰেখা ভূঞা শইকীয়া গুৰুতৰ ভাবে আহত হয়। জটিল অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰূপৰেখা ভূঞা শইকীয়াৰ ১০ মে’ত মৃত্যু হৈছিল।
নগাঁও সদৰ আৰক্ষী থানাত ডকাইতিৰ ঘটনাক লৈ ২৯২/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩১০(২), ৩১১, ১০৯ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু হৈছিল । ঘটনা সম্পৰ্কত আৰক্ষীয়ে ইতিপূৰ্বে ওমৰ ফাৰুক, মিন্টু হুছেইন, ৰাজিবুৰ ৰহমান, ৰেজাক আলি, নুৰুল হুছেইন আলি আৰু আন এজন ডকাইত গ্ৰেপ্তাৰ কৰিছিল।
পুনৰ কালি নিশা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হৰিশ শৰ্মা আৰু সতীশ শ্বাহক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহৃত দুখন দা আৰু এ আৰ ০১ এম ৪০১৩ নম্বৰৰ এখন গাড়ীও জব্দ কৰিছিল।
লগতে পঢ়কঃ চাঞ্চল্যকৰ মৰিকলঙৰ ডকাইতিত জড়িত আন তিনি কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ, ভুক্তভোগী মহিলাৰ মৃত্যু

