Three More Arrested in Morikolong Robbery Case in Nagaonচাঞ্চল্যকৰ মৰিকলঙৰ ডকাইতিত জড়িত আন তিনি কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ, ভুক্তভোগী মহিলাৰ মৃত্যু

নগাঁওঃ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মৰিকলঙ সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে বিভিন্ন তথ্য লাভ কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বতেও আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল (Morikolong Robbery Case)। উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলৰ নিশা মৰিকলঙত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ডত ডকাইতৰ আক্ৰমণত ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পৰিবাৰ ৰূপৰেখা ভূঞা শইকীয়া গুৰুতৰ ভাবে আহত হয়। জটিল অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰূপৰেখা শইকীয়াৰ আজি মৃত্যু হৈছে।

চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়া

নগাঁও সদৰ আৰক্ষী থানাত ডকাইতিৰ ঘটনাক লৈ ২৯২/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩১০(২), ৩১১, ১০৯ ধাৰাৰ অধীনত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ডকাইতি কাণ্ডৰ পিছতে দুই কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে সেই সময়তে জিলাখনৰ চামগুৰিৰ বৰঘুলীৰ ওমৰ ফাৰুক আৰু নগাঁও চহৰৰ চিনাপট্টি ৰেল লাইনৰ কাষৰ মিন্টু হুছেইনক গ্ৰেপ্তাৰ কৰিছিল। পিছত আৰক্ষীয়ে আন এজনকো গ্ৰেপ্তাৰ কৰিছিল। শেহতীয়াকৈ আৰক্ষীয়ে আন তিনিজন ডকাইতক গ্ৰেপ্তাৰ কৰে।

ডকাইতৰ আক্ৰমণৰ বলি হোৱা চিকিৎসক দম্পতি

আজি এখন সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰী কৰে নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে। তেওঁ কয়, “এই ডকাইতি কাণ্ডত জড়িত দলটো এটা আন্তঃজিলা দল আছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হৈছে ৰাজিবুৰ ৰহমান, ৰেজাক আলি আৰু নুৰুল হুছেইন আলি। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।তেওঁলোকৰ উত্তৰ লক্ষীমপুৰত। এই লোককেইজনে ডকাইতি কাণ্ড সংঘটিত কৰি মৰিকলঙৰ আৱৰ্জনা পেলোৱা এক স্থানথ দুখন দা পেলাই থৈ গৈছিল।” জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে ঘটনাত ব্যৱহৃত গাড়ীখনো জব্দ কৰা বুলি সদৰী কৰে। এই গাড়ীখনৰ নম্বৰ হৈছে এ আৰ ০১ এম ৪০১৩।

এই গাড়ীখন ব্যৱহাৰ কৰিয়েই তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰিছিল। জ্যেষ্ঠ আৰক্ষী অধীক্ষক দাসে কয়, ” চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াই যিখিনি সোণ ক্ৰয় কৰিছিল সেইখিনি প্ৰকৃত সোণ নাছিল। সেয়ে ডকাইতৰ দলটোৱে সেই সোণখিনি ৰাস্তাত পেলাই থৈ যায়। ডকাইতৰ দলটোৱে চিকিৎসক জনৰ ঘৰৰ পৰা ডেড়লাখ টকালৈ যায়। তদুপৰি ডকাইতৰ দলটোৰ ম’বাইল ফোনটো বিভিন্ন তথ্য আৰক্ষীয়ে পাইছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে জনোৱা মতে মৰিকলঙৰ দীনৰাম পথত ডকাইতৰ দলটো পলাই আছিল। সেই পথৰ পৰাই আৰক্ষীয়ে আটক কৰা নুৰুল হুছেইন আলিৰ চেণ্ডেল জোৰ উদ্ধাৰ হৈছে।

ডকাইতি কাণ্ডত ব্যৱহৃত দা দুখনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই সকলোবোৰ ফৰেনচিক পৰীক্ষাৰ বাবে আমি প্ৰেৰণ কৰিম। ডকাইতিৰ লগতে হত্যাৰ ধাৰাও সংযুক্ত হব।” জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে জনোৱা মতে ডাঃ ৰঞ্জিত শইকীয়াই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পৰিধান কৰা চেইন দেখি ডকাইতৰ দলটোৱে তেওঁৰ ঘৰত বহুত সোণৰ আ অলংকাৰ পাব বুলি সন্দেহ কৰিছিল। অৱশ্যে চিকিৎসকজনে পৰিধান কৰা চেইন ডাল প্ৰকৃত সোণৰ নহয়।”

জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে কয়, ” বৰ্তমানলৈকে মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আন দুই-তিনিজন গ্ৰেপ্তাৰ হব পাৰে। ডকাইতৰ দলটোৱে দীনৰাম পথৰে আহি এখন খিৰিকীৰ কাষত লুকাই থাকে। পিছত প্ৰায় তিনি বজালৈকে অপেক্ষা কৰাৰ পিছত চিকিৎসকজনৰ ঘৰত প্ৰৱেশ কৰে।” আমি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ অধীনত এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিছো। ডকাইতি কাণ্ডত ৬ জনতকৈ অধিক লোক জড়িত থকাৰ আমি সন্দেহ কৰিছো। আজি গ্ৰেপ্তাৰ কৰা সকলক আদালতত হাজিৰ কৰাৰ পিছত জেৰা কৰা হব। আগৰ কেইজন ন্যায়িক জিম্মাত আছে।

উল্লেখযোগ্য যে ২৩ এপ্ৰিলৰ নিশা মৰিকলং আৰক্ষী চকীৰ পৰা কিছু নিলগৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰিকলং সেউজ নগৰৰ উল্লিখিত চিকিৎসক দম্পতীৰ বাসগৃহত মুখত ক’লা কাপোৰ বান্ধি অহা ডকাইতৰ দলটোৱে তেওঁলোকৰ ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তাণ্ডৱ চলাইছিল । ডকাইতৰ আক্ৰমণত চিকিৎসক দম্পতী গুৰুতৰ ভাৱে আহত হৈছিল। অৱশেষত দীৰ্ঘদিন চিকিৎসাধীন হৈ থকা অৱস্থাত চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ পত্নীৰ মৃত্যু ঘটে।

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত চিকিৎসক পৰিয়ালক আক্ৰমণ কৰি লুটপাত কৰা ডকাইত


Advertisement