Nagaon Robbery Case: Two Notorious Robbers Arrested for Attack on Doctor’s Familyনগাঁও আৰক্ষীৰ জালত চিকিৎসক পৰিয়ালক আক্ৰমণ কৰি লুটপাত কৰা ডকাইত

নগাঁওঃ নগাঁৱৰ মৰিকলঙৰ চিকিৎসক পৰিয়ালক নৃশংসভাৱে আক্ৰমণ কৰি লুটপাত চলোৱা কুখ্যাত ডকাইতৰ গেঙৰ দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী (Nagaon Robbery Case)। নগাঁও সদৰ আৰক্ষী থানাত ডকাইতিৰ ঘটনাক লৈ ২৯২/২০২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩১০(২), ৩১১, ১০৯ ধাৰাৰ অধীনত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে শনিবাৰে নিশাই গ্ৰেপ্তাৰ কৰে দুই কুখ্যাত ডকাইতক ।

২৪ এপ্ৰিলৰ পুৱতি নিশা চিকিৎসক ৰঞ্জিত শইকীয়াৰ নগাঁও চহৰৰ মৰিকলঙস্থিত বাসগৃহত পাঁচজনীয়া এটা ডকাইতৰ দলে সংঘটিত কৰিছিল ডকাইতিৰ ঘটনা। পাঁচজনীয়া এটা কুখ্যাত ডকাইতৰ গেঙে চিকিৎসক পৰিয়ালত সংঘটিত কৰিছিল ডকাইতিৰ ঘটনা। ডকাইতৰ গেংটোৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান চলাই দুটাকৈ কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ চামগুৰিৰ বৰঘুলীৰ ওমৰ ফাৰুক আৰু নগাঁও চহৰৰ চিনাপট্টি ৰেল লাইনৰ কাষৰ মিন্টু হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী।

নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ডকাইতৰ বিৰুদ্ধে তৎপৰ হৈ পৰে নগাঁৱৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাস। ২৪ এপ্ৰিল শুক্ৰবাৰে পুৱাই চিকিৎসকগৰাকীৰ বাসগৃহত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অবুতনি দলেক লগত লৈ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে খোদ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে।

ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতেই দুই অভিযুক্ত ওমৰ ফাৰুক আৰু মিন্টু হুছেইনক আটক কৰি জেৰা আৰম্ভ কৰে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীয়ে চলোৱা মাৰাথান জেৰাত আৰক্ষীয়ে আটকাধীন দুয়ো ঘটনাৰ সৈতে জড়িত থকাৰ বহু তথ্য লাভ কৰাত অৱশেষত দুই অভিযুক্ত ওমৰ ফাৰুক আৰু মিন্টু হুছেইনক গ্ৰেপ্তাৰ কৰে।

পূৰ্বেও ডকাইতিৰ গোচৰত অভিযুক্ত ওমৰ ফাৰুক আৰু মিন্টু হুছেইনৰ পৰা নগাঁৱৰ চিকিৎসকৰ ঘৰৰ পৰা লুট হোৱা ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী। আনকি ডকাইতিত ব্যৱহাৰ কৰা কিছু সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী।

চিকিৎসকৰ ঘৰত সংঘটিত কৰা ডকাইতিত জড়িত আন তিনি অভিযুক্তৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

ইপিনে, ডকাইতৰ আক্ৰমণত আহত হোৱা চিকিৎসক ৰঞ্জিত শইকীয়াৰ লগতে পত্নী ৰূপৰেখা ভূঞা শইকীয়া গুৱাহাটীত চিকিৎসাধীন হৈ আছে যদিও ৰূপৰেখা ভূঞাৰ অৱস্থা আজিও সংকটজনক বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ নগাঁও কাৰাগাৰত দুই কাৰাবন্দীৰ আকস্মিক মৃত্যুক লৈ ৰহস্য


Advertisement