নগাঁও :  তৃণমূল পৰ্যায়ত সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰা, চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ ১৪ টা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত  ‘আংগন মিলন সেৱা’ কাৰ্যসূচী কালি সফলতাৰে অনুষ্ঠিত কৰা হয়। 


জিলাখনৰ মুঠ ৩,৩০৬ টা অংগনবাড়ী কেন্দ্ৰত একেসময়তে  উদযাপন কৰা এই কাৰ্যসূচীৰ অংশস্বৰূপে কালিয়াবৰ বিধানসভা সমষ্টিৰ কাৰ্যসূচীত ৰাজ্যৰ ৰাজহ তথা বিজ্ঞান- প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু কলিয়াবৰ সমজিলাৰ আয়ুক্ত তেজস অগ্নিহোত্ৰী উপস্থিত থাকে। একেদৰে, ধিং বিধানসভা সমষ্টিৰ কাৰ্যসূচীত বিধায়ক মেহবুব মুক্তাৰ  উপস্থিত থাকে। 


ইয়াৰ উপৰিও নগাঁও, বটদ্ৰৱা, ৰহা, ৰূপহী আৰু চামগুৰি বিধানসভা সমষ্টিত বিধায়কসকলৰ প্ৰতিনিধিসকলৰ লগতে জিলা পৰিষদৰ সদস্য, পৌৰসভাৰ প্ৰতিনিধি, মহিলা মৰ্চাৰ সদস্য আৰু নগাঁও জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুয়ে বিভিন্ন প্ৰকল্পৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত নিজ নিজ প্ৰকল্প এলেকাত সকলো শিশু উন্নয়ন প্ৰকল্প বিষয়াও উপস্থিত থকাৰ উপৰিও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, আত্ম সহায়ক গোটৰ সদস্য, সমাজকৰ্মী, অংগনবাড়ী কৰ্মী, অংগনবাড়ী সহায়িকা আৰু বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলে সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। 


অনুষ্ঠানৰ অংশস্বৰূপে জিলাখনৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক চেক বিতৰণ কৰা হয়। অংগনবাড়ী সেৱালৈ তেওঁলোকৰ অমূল্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ধন্যবাদ পত্ৰ প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত হিতাধিকাৰীসকলৰ হাতত পুষ্টিমূলক সামগ্ৰী তুলি দিয়া হয়। এই  পদক্ষেপে তৃণমূল পৰ্যায়ত অংগনবাড়ী সেৱাসমূহক অধিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰত জনসাধাৰণৰ স্বতঃস্ফুত অংশগ্ৰহণত উৎসাহিত কৰি চৰকাৰী আচঁনিৰ সেৱাসমূহ নিৰলসভাৱে আগবঢ়োৱা অগ্ৰণী কৰ্মীসকলকো প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।