নগাঁও : নগাঁও সংসদীয় সমষ্টিৰ উপনিৰ্বাচনৰ বাবে কালি অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াক সম্পূৰ্ণ আসুৱাহ মুক্ত বুলি সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সাধাৰণ পৰ্যবেক্ষকৰ পৰীক্ষণত আজি নিশ্চিত কৰা হয়। আজি নগাঁৱৰ ল'ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত সকলোৰে সন্মূখতে সৰ্বাধিক আৰু সৰ্বনিম্ন ভোটদান হোৱা তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াৰ ডায়েৰী পৰীক্ষা কৰাৰ লগতে এই সম্পৰ্কত ৰাজনৈতিক দলৰ বক্তব্য শুনে।
সভাৰ অন্তত সকলো দিশ পৰ্যালোচনা কৰি কালি অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ সঠিক বুলি গ্ৰহণ কৰা হয়। সভাত ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়া, মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙৰ উপৰি উভয় জিলাৰ অতিৰিক্ত আয়ুক্ত তথা জ্যেষ্ঠ বিষয়াসকল, জিলা তথ্য আৰু জনসংযোগ বিষয়া, ভাৰতীয় জনতা পাৰ্টীৰ মৃন্ময় বৰপূজাৰী, কংগ্ৰেছৰ এ চিকন্দৰ আলী, এআইইউডিএফৰ বাবুল আফৰাণ চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতিনিধি লোহিত লহকৰ উপস্থিত থাকে।
নিৰ্বাচনত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ স্বাৰ্থত ভোটগ্ৰহণ পৰ্বৰ পৰ্য্যালোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা হয়। ইফালে কালি অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ চূড়ান্ত হাৰ ৭৬.১৯ শতাংশ বুলি আজি জিলা প্ৰশাসনৰ তৰফৰ সদৰি কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা সদৰি কৰি জনোৱা মতে, জাগীৰোড সমষ্টিত ৭৬.৬২, মৰিগাঁও সমষ্টিত ৭২.৮৫, লাহৰিঘাটত ৭৮.৮৮ , ধিঙত ৭৭.৯৩, ৰূপহীহাট ৭৭.৬৭, চামগুৰিত ৮০.২২, নগাঁও -বটদ্ৰৱা ৭২.০১ আৰু ৰহা সমষ্টিত ৭০.২৯ শতাংশ ভোটদান হৈছে।
কালি আবেলি পাঁচ বজাৰ পিছতো কেইটামান সমষ্টিত ভোটদান চলি থকা বাবেই ভোটদানৰ হাৰৰ ক্ষেত্ৰত পিছত সামান্য বৃদ্ধি লক্ষ্য কৰা হৈছে।