ধুবুৰী: ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। নিশা গোপন সূত্ৰৰ পম খেদি পৰাভিটা বজাৰত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ট্ৰামাডল টেবলেট জব্দ কৰাৰ লগতে এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুৰুষোত্তম শিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত পৰাভিটা বজাৰত অভিযান চলায়। অভিযানকালত এখন জুৱেলাৰী দোকানত তালাচী চলাই আৰক্ষীয়ে ৫০টা বাকচত মুঠ ৭২০০টা ট্ৰামাডল টেবলেট উদ্ধাৰ কৰি জব্দ কৰে। আৰক্ষীৰ এই অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।


এই অভিযানতে আৰক্ষীয়ে আমিনুল ইছলাম চৌধুৰী নামৰ এজন লোকক আটক কৰে। ধৃত আমিনুল ইছলাম চৌধুৰী দীৰ্ঘদিন ধৰি পৰাভিটা অঞ্চলত ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আনকি ইয়াৰ পূৰ্বেও ড্ৰাগছ সম্পৰ্কীয় গোচৰত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে।

স্থানীয় অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা বুলি অভিযোগ উত্থাপিত এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট উদ্ধাৰ হোৱা ঘটনাই পুনৰ এবাৰ অঞ্চলটোত ড্ৰাগছৰ অবাধ প্ৰচলনক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ইফালে, জব্দ কৰা ৭২০০টা ট্ৰামাডল টেবলেটৰ উৎস, সৰবৰাহৰ আঁৰত থকা ব্যক্তি তথা এই অবৈধ ব্যৱসায়ৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ধৃত আমিনুল ইছলাম চৌধুৰীক ফকিৰগঞ্জ থানালৈ লৈ গৈ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

আৰক্ষীৰ তদন্তৰ পিছত এই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন আন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।