মৰিগাঁও: গ্ৰাম্য মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলাত গ্ৰহণ কৰা হৈছে এক উল্লেখযোগ্য পদক্ষেপ। এই উদ্দেশ্যে বুধবাৰে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত ‘অসমী ৰঙালী কেন্টিন’ৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM), মৰিগাঁৱৰ সহযোগত কপিলী উন্নয়ন খণ্ডৰ গগনা ক্লাষ্টাৰ পৰ্যায়ৰ সংঘৰ উদ্যোগত স্থাপন কৰা হৈছে এই কেন্টিনখন। গ্ৰাম্য মহিলা আত্মসহায়ক গোটসমূহৰ উদ্যোগী মনোভাৱক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ বাবে এক স্থায়ী উপাৰ্জনৰ পথ সৃষ্টি কৰাই এই পদক্ষেপৰ অন্যতম উদ্দেশ্য বুলি জানিবলৈ দিয়ে মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে।‌

উল্লেখ্য যে, ‘অসমী ৰঙালী কেন্টিন’ স্থাপনৰ ক্ষেত্ৰত এইচ ডি এফ চি বেংকে ইয়াৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) কাৰ্যসূচী ‘পৰিৱৰ্তন’ৰ অধীনত সহযোগিতা আগবঢ়াইছে। আনহাতে, ছ’চাইটি ফৰ দ্য প্ৰমোচন অৱ ইউথ এণ্ড মাচেছ (SPYM)-এ কেন্টিনখনৰ ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে কয় যে, এনে পদক্ষেপে গ্ৰাম্য মহিলাসকলৰ বাবে জীৱিকাৰ নতুন দুৱাৰ মুকলি কৰাৰ লগতে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ দিশত যথেষ্ট সহায় কৰিব। বিশেষকৈ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু উদ্যোগী মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত এনে সামূহিক উদ্যোগৰ গুৰুত্ব অপৰিসীম বুলিও তেওঁ মত প্ৰকাশ কৰে।

তেওঁ লগতে আশা প্ৰকাশ কৰে যে, এইধৰণৰ পদক্ষেপে গ্ৰাম্য মহিলাসকলক নিজৰ প্ৰতিভা আৰু কৰ্মদক্ষতা বিকাশৰ সুযোগ দিয়াৰ লগতে পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত কৰাতো সহায়ক হ'ব।

অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ড০ নীলাক্ষী বৈশ্য, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, মৰিগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধকসহ সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সামগ্ৰিকভাৱে ‘অসমী ৰঙালী কেন্টিন’ৰ শুভাৰম্ভণিয়ে মৰিগাঁও জিলাত মহিলা সবলীকৰণ, গ্ৰাম্য জীৱিকা বিকাশ আৰু স্থানীয় পৰ্যায়ত সামূহিক উদ্যোগৰ প্ৰসাৰৰ দিশত এক আশাব্যঞ্জক পদক্ষেপ হিচাপে বিশেষ তাৎপৰ্য বহন কৰিছে। এই উদ্যোগে গ্ৰাম্য মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্নজনে।