মৰিগাঁও: পঞ্চায়ত পৰ্যায়ত সংঘটিত দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশীষ শৰ্মা। স্মৰিগাঁও জিলাৰ কলমৌবাৰী গাঁও পঞ্চায়তত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি পঞ্চায়তখনৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি স্থানীয় সাংসদ দেৱাশীষ শৰ্মাক অৱগত কৰিছিল স্থানীয় ৰাইজে। এই অভিযোগৰ পৰিপ্ৰেক্ষিতত কলমৌবাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত সচিব, গ্ৰাম ৰোজগাৰ সেৱক (জি আৰ এছ) আৰু অভিযন্তা আৰক্ষীৰ জালত পৰা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, কলমৌবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ প্ৰভাৱত পৰি পঞ্চায়তখনৰ জি আৰ এছ আৰু পঞ্চায়ত সচিবে বিভিন্ন কাম-কাজত অনিয়ম সংঘটিত কৰি আহিছিল। চৰকাৰী আঁচনিৰ কাম-কাজ, হিতাধিকাৰী নিৰ্বাচন তথা পঞ্চায়তৰ অন্যান্য কাৰ্যকলাপক কেন্দ্ৰ কৰি একাংশ স্থানীয় লোকে বিভিন্ন সময়ত অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল। পঞ্চায়তখনত সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ আৰু অনিয়মৰ বিৰুদ্ধে অৱশেষত সাংসদ দেৱাশীষ শৰ্মাৰ কাষ চাপে ক্ষুব্ধ ৰাইজ।
উল্লেখ্য যে, বৃহস্পতিবাৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশীষ শৰ্মাই কলমৌবাৰী অঞ্চলত ৰাইজৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল। সেই সময়তে অঞ্চলটোৰ একাংশ লোকে সাংসদগৰাকীক সাক্ষাৎ কৰি কলমৌবাৰী গাঁও পঞ্চায়তৰ জি আৰ এছ, অভিযন্তা আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ দাখিল কৰে। ৰাইজে পঞ্চায়তখনৰ কাম-কাজত স্বচ্ছতাৰ অভাৱৰ লগতে একাংশ দায়িত্বশীল ব্যক্তিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগো উত্থাপন কৰে।
ৰাইজৰ অভিযোগসমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি সাংসদ দেৱাশীষ শৰ্মাই তাৎক্ষণিকভাৱে বিষয়টোত হস্তক্ষেপ কৰে। অভিযোগৰ সমৰ্থনত প্ৰয়োজনীয় তথ্য-পাতি আৰু সাক্ষ্য-প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ যথাযথ তদন্তৰ বাবে সংশ্লিষ্ট প্ৰশাসনিক কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে। লগতে জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বিষয়টো গুৰুত্বসহকাৰে পৰীক্ষা কৰি অভিযোগৰ সত্যতা নিৰূপণ কৰাৰ লগতে অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
সাংসদগৰাকীৰ এই তৎপৰতাৰ পিছতে কলমৌবাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত সচিব, জি আৰ এছ আৰু অভিযন্তা আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে। পঞ্চায়ত পৰ্যায়ত দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে সাংসদগৰাকীয়ে গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপক লৈ স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
ইপিনে, চৰকাৰী আঁচনিৰ ধন আৰু উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম যাতে সংঘটিত নহয়, তাৰ বাবে পঞ্চায়ত পৰ্যায়ত অধিক স্বচ্ছতা নিশ্চিত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।