মৰিগাঁও : “বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশ সাধনৰ ক্ষেত্ৰত কেৱল শিক্ষক-শিক্ষয়িত্ৰীৰ ভূমিকাই যথেষ্ট নহয়, ইয়াৰ বাবে অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰো সক্ৰিয় সহযোগিতা অত্যন্ত জৰুৰী। শিক্ষাৰ ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ সমাজৰ প্ৰতিটো পক্ষই সামূহিক দায়বদ্ধতাৰে আগবাঢ়ি আহিব লাগিব।” এই আহ্বান জনায় মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে।
শনিবাৰে মৰিগাঁও জিলাৰ পূব জালুগুটি প্ৰাথমিক বিদ্যালয়ত আয়োজিত ‘ৰাইজৰ উৎসৱ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আয়ুক্তগৰাকীয়ে শিক্ষাৰ মান উন্নয়ন আৰু বিদ্যালয়ৰ সৰ্বাংগীণ বিকাশত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।
উল্লেখ্য যে, অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত গ্ৰহণ কৰা ‘ৰাইজৰ উৎসৱ’ হৈছে বিদ্যালয় আৰু সমাজৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ এক উল্লেখযোগ্য জনসম্পৃক্ততামূলক পদক্ষেপ। এই কাৰ্যসূচীৰ জৰিয়তে অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি (SMC), শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি বিদ্যালয়ৰ শৈক্ষিক তথা আন্তঃগাঁথনিগত উন্নয়নত তেওঁলোকৰ সক্ৰিয় সহযোগিতা নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে কয় যে, “শিশুসকলৰ সুস্থ শৈক্ষিক, সামাজিক আৰু মানসিক বিকাশৰ বাবে বিদ্যালয়ত এক সুন্দৰ, নিৰাপদ আৰু অনুকূল পৰিৱেশ গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱক আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে।
তেওঁ লগতে শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক মানদণ্ড উন্নত কৰা, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু শিক্ষাগ্ৰহণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা তথা বিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। শিক্ষা ব্যৱস্থাৰ উন্নয়ন একক প্ৰচেষ্টাৰে সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ সামূহিক দায়বদ্ধতা, পাৰস্পৰিক সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে ‘ৰাইজৰ উৎসৱ’ৰ দৰে পদক্ষেপে বিদ্যালয়ৰ সৈতে সমাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে শিক্ষাৰ উন্নয়নক এক সামাজিক আন্দোলনৰ ৰূপ দিয়াৰ সম্ভাৱনা বহন কৰিছে। শিশুসকলৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত বিদ্যালয় আৰু সমাজৰ যৌথ দায়বদ্ধতাক প্ৰতিফলিত কৰা এই কাৰ্যসূচীয়ে এক সবল, সৰ্বাংগীণ আৰু গুণগত শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ দিশত বিশেষ তাৎপৰ্য বহন কৰিছে।