ছাইফুল ইছলাম, মৰিগাঁও: মৰিগাঁও জিলাৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে শুক্ৰবাৰে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা দক্ষতা বিকাশ সমিতি (District Skill Development Committee – DSDC)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনত দক্ষতা বিকাশৰ বিভিন্ন আঁচনিৰ ৰূপায়ণ, অগ্ৰগতি আৰু ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।
বৈঠকত বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষানবিশ প্ৰশিক্ষণ প্ৰসাৰ আঁচনি (National Apprenticeship Promotion Scheme – NAPS), জিলা দক্ষতা বিকাশ পৰিকল্পনা (District Skill Development Plan – DSDP) আৰু জিলাখনত ৰূপায়িত হৈ থকা অন্যান্য দক্ষতা বিকাশমূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। লগতে এই আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন দিশ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰা হয়।
বৈঠকত জিলাখনৰ যুৱ প্ৰজন্মক কৰ্মমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীসমূহ অধিক ফলপ্ৰসূ কৰি তোলা, শিক্ষানবিশ প্ৰশিক্ষণৰ সুযোগ-সুবিধা বৃদ্ধি কৰা আৰু স্থানীয় উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰশিক্ষণ ব্যৱস্থাক সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।
ইয়াৰ উপৰি সময়ৰ সৈতে খাপ খোৱা নতুন নতুন কৰ্মসংস্থাপনৰ সম্ভাৱনা চিনাক্ত কৰি সেই অনুসৰি যুৱক-যুৱতীসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ বিষয়টোও আলোচনাত স্থান পায়। চৰকাৰী দক্ষতা বিকাশ আঁচনিসমূহৰ সুফল যাতে জিলাখনৰ প্ৰকৃত হিতাধিকাৰীসকলৰ লগতে তৃণমূল পৰ্যায়ৰ যুৱক-যুৱতীসকলেও লাভ কৰিব পাৰে, তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত ড০ নীলাক্ষী বৈশ্য, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, অসম দক্ষতা বিকাশ অভিযান (ASDM)ৰ জিলা প্ৰকল্প বিষয়া আৰু সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
জিলাখনৰ যুৱ প্ৰজন্মক দক্ষ, আত্মনিৰ্ভৰশীল আৰু কৰ্মসংস্থাপনৰ বাবে উপযোগী কৰি তোলাৰ ক্ষেত্ৰত দক্ষতা বিকাশৰ এনে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বৈঠকত আলোচনা কৰা হয়।