নগাঁও: কাজিৰঙাৰ শোকাৱহ পথ দুৰ্ঘটনাত ২৫ জনতকৈ অধিক লোক প্ৰাণ হেৰুওৱাৰ পাছতো ৰজ্যত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা। দেওবাৰে পুৱাই নগাঁৱৰ চামগুৰিত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। চামগুৰিৰ ভেলেউগুৰি দক্ষিণ পাটত দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। সংঘৰ্ষৰ প্ৰচণ্ড তীব্ৰতাত বাহন দুখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি-চূৰমাৰ হৈ পৰে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হৈছে নে নাই, সেই সন্দৰ্ভত এইপৰ্যন্ত নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।
জানিব পৰা মতে, নগাঁৱৰ দিশৰ পৰা গৈ থকা এখন বাহনৰ সৈতে আন এখন বাহনৰ ভেলেউগুৰি দক্ষিণ পাটত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত পতিত বাহন দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে ক্ৰমে AS01DT1123 আৰু AS02AM8081। সংঘৰ্ষৰ ফলত দুয়োখন বাহনৰ যথেষ্ট ক্ষতিসাধন হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। হঠাৎ সংঘটিত এই ভয়ংকৰ সংঘৰ্ষই অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে পথটোৰে যাতায়াত ব্যৱস্থাও কিছু সময়ৰ বাবে ব্যাহত হৈ পৰে। দুৰ্ঘটনাৰ ফলত পথটোত যান-জঁটৰ সৃষ্টি হোৱাত যাতায়াতকাৰীসকলেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
ইফালে, দুৰ্ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন পথৰ পৰা আঁতৰাই নিয়াৰ ব্যৱস্থা কৰে। ইয়াৰ পিছতে পথটোৰে যান-বাহনৰ চলাচল পুনৰ স্বাভাৱিক হয়।
আনহাতে, দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অত্যধিক গতিবেগ, অসাৱধানতাৰে গাড়ী চলোৱা নে ভুল দিশেৰে অহাৰ ফলত এই মুখামুখি সংঘৰ্ষ সংঘটিত হ’ল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতহে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।