গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি বিজৰিত সপোনৰ ৰেঞ্চ ৰভাৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে জুবিন গাৰ্গৰ চাৰিগৰাকী বন্ধু। জুবিন গাৰ্গৰ ব্যৱহৃত ৰেঞ্জ ৰ’ভাৰ বাহনখন সংৰক্ষণৰ উদ্যোগ গ্ৰহণ কৰিছে তেওঁৰ ঘনিষ্ঠ চাৰি বন্ধুৱে। ইতিমধ্যেই জুবিন গাৰ্গৰ সপোনৰ ৰেঞ্চ ৰভাৰ বাহন বিক্ৰী হোৱাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে বাহনখন উভতাই আনি সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ চাৰি বন্ধুৱে।
জুবিন গাৰ্গৰ জীৱনৰ বহু স্মৃতি বিজড়িত হৈ আছে তেওঁৰ ব্যৱহৃত বাহনখনৰ সৈতে। শিল্পীগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ সৈতে জড়িত বিভিন্ন স্মৃতি আৰু সম্পদ সংৰক্ষণৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰি অহাৰ সময়তে ৰেঞ্জ ৰ’ভাৰখন সংৰক্ষণৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। বন্ধুসকলৰ মতে, জুবিনৰ সৈতে জড়িত প্ৰতিটো স্মৃতিয়েই তেওঁৰ অনুৰাগী তথা অসমবাসীৰ বাবে অমূল্য সম্পদ।
এই সন্দৰ্ভত জুবিন গাৰ্গৰ বন্ধু বংকিম ৰায় মেধিয়ে জানিবলৈ দিয়া অনুসৰি, জুবিনৰ ঘনিষ্ঠ বন্ধু কেইবাজনো এই উদ্যোগৰ সৈতে জড়িত হৈছে। সোমবাৰে মানস ভাগৱতী, পবিত্ৰ ৰাভাসহ কেইবাজনো বন্ধুৱে এক আলোচনাত মিলিত হ'ব। উক্ত আলোচনাত ৰেঞ্জ ৰ’ভাৰখন কেনেদৰে সংৰক্ষণ কৰিব পাৰি আৰু পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব, সেই সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, বন্ধুকেইজনৰ এই উদ্যোগৰ আঁৰত আছে জুবিন গাৰ্গৰ এটা আধৰুৱা সপোন পূৰণ কৰাৰ লক্ষ্য। শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ সৈতে জড়িত স্মৃতিসমূহ সঠিকভাৱে সংৰক্ষণ কৰি ৰখাৰ লগতে তেওঁৰ ইচ্ছা আৰু সপোনক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস চলাব বন্ধুসকলে।
এই সন্দৰ্ভত জুবিন গাৰ্গৰ অন্যতম বন্ধু বংকিম ৰায় মেধিয়ে কয়, “সামাজিক মাধ্যমত যিটো প্ৰচাৰ হৈ আছে, জুবিনৰ মৰমৰ বাহনখন বিক্ৰী হৈছে। গতিকে সেই বাহনখন যিহেতু জুবিনৰ আৱেগ, অনুভূতি, মৰম তাত জড়িত হৈ আছে, ঠিক তেনেদৰে আমাৰো আছে, গোটেই অসমবাসী ৰাইজৰ আছে, জুবিন অনুৰাগীৰ আছে। গতিকে আমি চাৰি বন্ধুৱে সিদ্ধান্ত ল'লোঁ আমি বাহনখন উভতাই অনাৰ কাৰণে আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰা হ'ব। যিজন ব্যক্তিয়ে কিনিছে তেখেতক আমি বাহনখন উভতাই দিবলৈ অনুৰোধ কৰিম। বাহনখন আপোনালোকে ঘূৰাই দিয়ক। আমি জুবিনৰ স্মৃতি হিচেপে অসমবাসী ৰাইজৰ মৰম আদৰ হিচাপে আমি বাহনখন জুবিনৰ ওচৰতে ৰাখিম। সেই মৰ্মে আমি তেখেতক যোৱাকালি যোগাযোগো কৰিছিলোঁ, কিন্তু যোগাযোগ কৰিব নোৱাৰিলোঁ। অহাকালি আমি তেখেতৰ ঘৰলৈ যোৱাৰ সিদ্ধান্তটো লৈছোঁ। আমি তেখেতৰ ঘৰলৈ যাম গৈ তেখেতক অনুৰোধ কৰিম যে আপুনি যিহেতু জুবিনক ভাল পায়, অসমবাসী ৰাইজক ভাল পায় , গতিকে আপুনিও জুবিনৰ অনুৰাগী হিচেপে বাহনখন সংৰক্ষণৰ সুবিধা দিয়ক।”
অৱশ্যে সোমবাৰৰ আলোচনাৰ পিছতহে বাহনখন সংৰক্ষণৰ পদ্ধতি, স্থান আৰু পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে অধিক স্পষ্ট ছবি পোহৰলৈ অহাৰ সম্ভাৱনা আছে। জুবিনৰ বন্ধুসকলৰ এই প্ৰচেষ্টাই শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।