নিউজ ডেস্ক: সঁচা প্ৰেমে যিদৰে নামানে বয়সৰ সীমা, সঁচাকৈয়ে নাজানে দেশৰ সীমাও! ৰাছিয়াত কাম কৰিবলৈ গৈ বিহাৰৰ ৰাহুল যাদৱৰ সৈতে প্ৰেমত পৰিছিল ৰাছিয়াৰ যুৱতী জুলী। ৰাহুল ভাৰতলৈ উভতি অহাৰ প্ৰায় ছমাহ পাছত প্ৰেমিকক বিচাৰি পৰিয়ালৰ সৈতে বিহাৰত উপস্থিত হ’ল যুৱতীগৰাকী। ৰাহুলৰ সাধাৰণ জীৱন-যাপনেও সলনি কৰিব নোৱাৰিলে জুলীৰ সিদ্ধান্ত। এতিয়া দুয়োৰে প্ৰেমক লৈ চৰ্চা চলিছে সৰ্বত্ৰ।
প্ৰেম যদি সঁচা হয়, তেন্তে হাজাৰ হাজাৰ কিলোমিটাৰৰ দূৰত্বও হৈ পৰে গৌণ! দেশ বেলেগ, ভাষা বেলেগ, সংস্কৃতি বেলেগ… তথাপি হৃদয়ৰ মৰমত সকলো বাধা অতিক্ৰম কৰি প্ৰেমিকৰ কাষলৈ আহিল এগৰাকী ৰাছিয়ান যুৱতী!
এইয়া কোনো চিনেমাৰ কাহিনী নহয়, বিহাৰৰ ভাগলপুৰৰ পৰা পোহৰলৈ অহা এক ব্যতিক্ৰমী প্ৰেম কাহিনী!
যুৱতীগৰাকীৰ নাম জুলী। আনহাতে, বিহাৰৰ ৰাজাপুৰ গাঁৱৰ যুৱক ৰাহুল যাদৱ। সংবাদ প্ৰতিবেদন অনুসৰি, কৰ্মসূত্ৰে ৰাছিয়ালৈ যোৱা ৰাহুলৰ তাতেই চিনাকি হৈছিল জুলীৰ সৈতে। একেলগে কাম কৰাৰ মাজতে দুয়োৰে মাজত গঢ় লৈ উঠিছিল বন্ধুত্ব। সময় বাগৰাৰ লগে লগে সেই বন্ধুত্বই লৈছিল প্ৰেমৰ ৰূপ।
কিন্তু কাহিনীত আহিল নতুন মোৰ! বিভিন্ন কাৰণত ৰাহুল উভতি আহিল নিজৰ দেশ ভাৰতলৈ। ৰাহুল গুচি অহাৰ পাছত ৰাছিয়াত থাকি গ’ল জুলী। মাজত হাজাৰ হাজাৰ কিলোমিটাৰৰ দূৰত্ব, কিন্তু মনৰ মানুহজনৰ প্ৰতি কমা নাছিল তেওঁৰ ভালপোৱা।
প্ৰায় ছমাহৰ অপেক্ষাৰ অন্তত অৱশেষত এটা ডাঙৰ সিদ্ধান্ত ল’লে জুলীয়ে। কেৱল প্ৰেমিকক লগ কৰিবলৈয়ে নহয়, নিজৰ পৰিয়ালৰ সদস্যসকলকো লগত লৈ ৰাছিয়াৰ পৰা আহি উপস্থিত হ’ল বিহাৰৰ ভাগলপুৰৰ ৰাজাপুৰ গাঁৱত!
কিন্তু ইয়াতেই শেষ নহয় এই প্ৰেম কাহিনীৰ আটাইতকৈ আকৰ্ষণীয় অংশ।
ৰাহুলৰ ঘৰখনৰ পৰিৱেশ আৰু সাধাৰণ জীৱন-যাপনৰ বিষয়ে জানিও নিজৰ সিদ্ধান্ত সলনি নকৰিলে জুলীয়ে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰাহুলৰ আৰ্থিক অৱস্থা বা ঘৰখনৰ সা-সুবিধাতকৈ তেওঁৰ সৈতে একেলগে জীৱন কটোৱাটোকহে অধিক গুৰুত্ব দিছে যুৱতীগৰাকীয়ে।
এনে ব্যতিক্ৰমী সিদ্ধান্তই এতিয়া চৰ্চালৈ আনিছে দুয়োৰে প্ৰেম কাহিনী। দুয়োটা পৰিয়ালৰ সন্মতি লাভ কৰাৰ পাছত নৱেম্বৰ মাহত বিবাহৰ পৰিকল্পনা কৰা হৈছে বুলি প্ৰকাশ পাইছে সংবাদ প্ৰতিবেদনত। অৱশ্যে বিবাহৰ নিৰ্দিষ্ট তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।
এফালে বিদেশৰ এখন দেশ, আনফালে ভাৰতৰ এখন সাধাৰণ গাঁও। জীৱন-যাপনৰ পাৰ্থক্যও কম নহয়। তথাপি সকলো পাৰ্থক্য নেওচি একেলগে জীৱন আৰম্ভ কৰাৰ সপোন দেখিছে দুয়ো।
সঁচাকৈয়ে, প্ৰেমৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে। কিন্তু এই কাহিনীৰ শেষ পৰিণতি কি হ’ব? ৰাছিয়াত আৰম্ভ হোৱা এই প্ৰেমৰ সম্পৰ্কই বিহাৰৰ মাটিত বিবাহৰ ৰূপ ল’বনে?
সেই উত্তৰ সময়েহে দিব। এতিয়াৰ বাবে ৰাহুল আৰু জুলীৰ এই প্ৰেম কাহিনীয়ে পুনৰ এবাৰ মনত পেলাই দিছে—সঁচা সম্পৰ্কত দূৰত্বতকৈ বিশ্বাস আৰু একেলগে থকাৰ ইচ্ছাইহে অধিক গুৰুত্ব পায়।