নিউজ ডেস্ক: বৃহস্পতিবাৰে (৮ অক্টোবৰ, ২০২৬) পুৱাই ভাৰতীয় চলচ্চিত্ৰ জগতক শোকাকুল কৰি ইহসংসাৰ ত্যাগ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকৰে। বলিউড আৰু মাৰাঠী চিনেমাৰ অন্যতম শক্তিশালী আৰু জনপ্ৰিয় অভিনেতা নানা পাটেকৰৰ ৭৫ বছৰ বয়সত পৰলোপ্ৰাপ্তি ঘটে। গোৱাৰ ডোনা পলাৰ নিজৰ ঘৰত হঠাৎ অসুস্থ হৈ পৰাৰ পাছত তেওঁক তাৎক্ষণিকভাৱে এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকৰ দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত বৃহস্পতিবাৰে পুৱা ৫:২০ বজাত তেওঁক মৃত ঘোষণা কৰে।
প্ৰাথমিক তথ্য অনুসৰি, নানা পাটেকৰে ঘৰতে তীব্ৰ বুকুৰ বিষ অনুভৱ কৰিছিল। চিকিৎসক দল উপস্থিত হোৱাৰ সময়ত তেওঁ প্ৰায় অচেতন হৈ পৰিছিল। ঘটনাস্থলীত কাৰ্ডিয়াক মেচেজ দি তেওঁক চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকসকলে প্ৰায় ৪৫ মিনিট ধৰি তেওঁক সুস্থ কৰাৰ চেষ্টা কৰিছিল, কিন্তু চেষ্টাৰ অন্তত সফল নোহোৱাত তেওঁক মৃত বুলি ঘোষণা কৰা হয়। হৃদৰোগৰ আক্ৰমণ (কাৰ্ডিয়াক এৰেষ্ট) তেওঁৰ মৃত্যুৰ কাৰণ বুলি প্ৰাথমিকভাৱে জনা গৈছে।
জীৱন আৰু কেৰিয়াৰ:
১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ মুৰুদ-জঞ্জিৰাত জন্মগ্ৰহণ কৰা নানা পাটেকৰৰ আচল নাম আছিল বিশ্বনাথ পাটেকৰ। তেওঁ মুম্বাইৰ ছাৰ জে.জে. ইনষ্টিটিউট অৱ এপ্লাইড আৰ্টছৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। ১৯৭৮ চনত ‘গমন’ চলচ্চিত্ৰৰ জৰিয়তে বলিউডত অভিষেক ঘটাই তেওঁ লাহে লাহে নিজৰ স্থান দৃঢ় কৰে। ১৯৮৯ চনৰ ‘পৰিন্দা’ চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা একেধাৰে লাভ কৰিবলৈ সক্ষম হয়।
নানা পাটেকৰে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল—‘পৰিন্দা’ (শ্ৰেষ্ঠ সহ অভিনেতা), ‘ক্ৰান্তিৱীৰ’ (শ্ৰেষ্ঠ অভিনেতা) আৰু ‘অগ্নি সাক্ষী’ (শ্ৰেষ্ঠ সহ অভিনেতা)। চাৰিটা ফিল্মফেয়াৰ বঁটাৰ লগতে ২০১৩ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ‘আংগাৰ’, ‘তিৰংগা’, ‘খামোশী: দ্য মিউজিকেল’, ‘অব তক ছপ্পন’, ‘অপহৰণ’, ‘ৰাজনীতি’ আদি চলচ্চিত্ৰত তেওঁৰ অভিনয়ে দৰ্শক আৰু সমালোচক উভয়ৰে প্ৰশংসা আকৰ্ষণ কৰিছিল। ‘ৱেলকাম’ আৰু ‘ৱেলকাম বেক’ত উদয় শেট্টীৰ চৰিত্ৰত তেওঁৰ কমেডী অভিনয়েও তেওঁক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰিছিল।
মাৰাঠী চিনেমাতো তেওঁৰ অৱদান অনন্য। ‘নটসম্ৰাট’ আদি চলচ্চিত্ৰত তেওঁৰ অভিনয়ে তেওঁক বিশেষ স্বীকৃতি দিছিল। শেহতীয়াকৈ তেওঁ ‘হাউছফুল ৫’ (২০২৫), ‘ৱানৱাস’ (২০২৪), ‘অ’ ৰোমিঅ’’ (২০২৬) আৰু ‘চুবেদাৰ’ (২০২৬) আদিত অভিনয় কৰিছিল।
সামাজিক অৱদান:
চলচ্চিত্ৰৰ বাহিৰেও নানা পাটেকৰ এজন সমাজসেৱক আছিল। ২০১৫ চনত তেওঁ অভিনেতা মাকাৰন্দ অনাস্পুৰেৰ সৈতে ‘নাম ফাউণ্ডেশ্যন’ স্থাপন কৰি মহাৰাষ্ট্ৰৰ খৰাং অঞ্চলৰ কৃষকসকলক সহায় আগবঢ়াইছিল। খৰাং আৰু কৃষক আত্মহত্যাৰ বিৰুদ্ধে তেওঁৰ এই প্ৰচেষ্টাই হাজাৰ হাজাৰ পৰিয়ালক সহায় কৰিছিল। তেওঁ ভাৰতীয় সেনাৰ টেৰিট’ৰিয়েল আৰ্মীতো সেৱা আগবঢ়াইছিল আৰু কাৰ্গিল যুদ্ধৰ সময়ত মেজৰ হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ লেফটেনেণ্ট কৰ্নেল পদবীলৈ উন্নীত হৈছিল।
নানা পাটেকৰৰ মৃত্যুত বলিউড আৰু সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগত শোকাকুল হৈ পৰিছে। তেওঁৰ অভিনয় শৈলী, শক্তিশালী সংলাপ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাই তেওঁক এজন অনন্য শিল্পী হিচাপে স্মৰণীয় কৰি ৰাখিব। তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু অনুৰাগীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে অজস্ৰজনে।