People protest after Nagaon Robbery Murder incident following death of doctor’s wife Ruprekha Bhuyan Saikiaডকাইতৰ আক্ৰমণত পত্নীৰ মৃত্যুত আৱেগিক চিকিৎসক স্বামী

নগাঁওঃ ডকাইতৰ আক্ৰমণত নিহত হোৱা নগাঁৱৰ চিকিৎসক পত্নী ৰূপৰেখা ভূঞা শইকীয়াৰ মৃতদেহ দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মৰিকলংস্থিত বাসগৃহ পোৱাৰ পিছতেই উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ঘৰখনত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। স্থানীয় মহিলা সকলে নিহত ৰূপৰেখা ভূঞা শইকীয়াৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি পথ অবৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা মৰিকলঙৰ সেউজ নগৰত চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত পাঁচজনীয়া এটা ডকাইতৰ দল প্ৰৱেশ কৰি চিকিৎসক শইকীয়া আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰি চলাইছিল লুটপাত। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসক পত্নী ৰূপৰেখা ভূঞা শইকীয়া প্ৰায় এপষেক ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি মৃত্যুক সাৱটি লয় (Nagaon Robbery Murder)। দেওবাৰে বিয়লি চিকিৎসক পত্নীৰ মৃতদেহ নগাঁও চহৰৰ মৰিকলংস্থিত বাসগৃলৈ লৈ অনাৰ পিছতে স্থানীয় মহিলাসকলে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

স্থানীয় মহিলা সকলে পথ অৱৰোধ কৰি সমগ্ৰ ঘটনাৰ উচিত ন্যায় বিচাৰি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা মতে সেই অঞ্চলটোত ড্ৰাগছ, জুৱা আদিৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পিছতো আৰক্ষীৰ ভূমিকা আছিল নিষ্ক্ৰিয়। ফলত স্থানীয় মহিলা সকলে নিৰাপত্তাহীনতাত ভুগি আহিছে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই মৰিকলং আৰক্ষী চকীৰ নিলগৰে অঞ্চলটোত এই ভয়াৱহ ডকাইতি কাণ্ডটো সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় মহিলাসকলে। স্থানীয় ৰাইজে ‘আমাক ৰূপৰেখা ভূঞা শইকীয়াৰ হত্যাকাণ্ডৰ ন্যায় লাগিব’, ‘উই ৱান্ট জাষ্টিচ’ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তুলে।

ইপিনে নিহত ৰূপৰেখা ভূঞা শইকীয়াৰ স্বামী ডাঃ ৰঞ্জিত শইকীয়াই পত্নীৰ হত্যাৰ ন্যায় বিচাৰি আবেগিক হৈ পৰে। কান্দি কান্দি ৰঞ্জিত শইকীয়াই মোৰ কনমানি শিশুটোক কোনে চাব বুলি প্ৰশ্ন কৰে। তেওঁ কয় ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত এনে ঘটনা সংঘটিত হৈছে। ইয়াৰ ন্যায় লাগিবই। হত্যাকৰীয়ে উপযুক্ত শাস্তি পাব লাগিব। আৱেগিক হৈ “মোৰ স্থিতি অটল” বুলিও উল্লেখ কৰে ডাঃ ৰঞ্জিত শইকীয়াই।‌

লগতে পঢ়কঃ চাঞ্চল্যকৰ মৰিকলঙৰ ডকাইতিত জড়িত আন তিনি কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ, ভুক্তভোগী মহিলাৰ মৃত্যু


Advertisement