Prafulla Govinda Baruah Pillar of Assamese Journalism Passes Awayসংবাদ জগতৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মহাপ্ৰয়ান

নিউজ ডেস্ক: অসমৰ সংবাদ ক্ষেত্ৰখনক এক বিশেষ গতি প্ৰদান কৰা সকলৰ অন্যতম তথা অসমৰ আটাইতকৈ মৰ্যাদা সম্পন্ন আৰু সম্ভ্ৰান্ত বাতৰি কাকত গোষ্ঠী দ্যা আচাম ট্ৰিবিউনৰ স্বত্বাধিকাৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেওবাৰে (১৪ ডিচেম্বৰ,২০২৫) নিশা দেহাৱসান ঘটে। এটা সম্ভ্ৰান্ত সংবাদ গোষ্ঠীৰ স্বতাধিকাৰী হিচাপে নিজৰ স্বাভিমান আমৃত্যু বৰ্তাই ৰখা প্ৰফুল্ল গোবিন্দ বৰুৱাই সংবাদ গোষ্ঠীটোৰ আটাইকেইখন কাকতৰ সম্পাদক জনৰ পৰা ধৰি মফচলীয় সাংবাদিক জনলৈকে সমমৰ্যাদা আৰু সমগুৰুত্ব প্ৰদান কৰিছিল। সংবাদ গোষ্ঠীটোত কৰ্মৰত প্ৰত্যেকজন সাংবাদিকে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বাবেই ব্যক্তি স্বাধীনতা আৰু সামগ্ৰীক স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল।যিটো সম্ভবতঃ কম সংখ্যক সংবাদ গোষ্ঠীতহে দেখা পোৱা যায়। ১৯৩৩ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা বৰুৱাই কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু আইনৰ ডিগ্ৰী গ্ৰহণ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ তিনিপুত্ৰৰ অন্যতম প্ৰফুল্ল গোবিন্দ বৰুৱাই পিতৃৰ ইচ্ছা অনুযায়ীয়ে অসমৰ সম্ভ্ৰান্ত কাকত দ্যা আছাম ট্ৰিবিউনৰ দায়িত্ব লৈছিল।

১৯৩৯ চনৰ ৪ আগষ্টত প্ৰতিষ্ঠা হোৱা দ্যা আছাম ট্ৰিবিউন কাকতৰ মৃত্যু পৰ্যন্ত সুদীৰ্ঘ কাল সম্পাদকৰো দায়িত্বত আছিল বৰুৱা।

১৯৬৫ চনৰ ৪ আগষ্টত তেখেতৰ তৎপৰতাতে বাতৰি কাকত গোষ্ঠীটোৱে ‘দৈনিক অসম’ নামৰ এখন অসমীয়া দৈনিক কাকতো প্ৰকাশ কৰে।

উল্লেখযোগ্য যে দ্যা আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰা ইংৰাজী দৈনিক কাকত The Assam Tribuneৰ লগতে অসমীয়া দৈনিক দৈনিক অসম ( Dainik Asom) সাপ্তাহিক অসম বাণী (Asom Bani) মাহেকীয়া সাহিত্যিক আলোচনী গৰিয়সী( Gariyoshi) আৰু প্ৰকাশন গৃহ সাহিত্য প্ৰকাশন (Sahitya Prakash) প্ৰকাশ পাইছিল। শেহতীয়াকৈ বৰুৱাই বৰ্ণিল জীৱন পৰিক্ৰমাক সন্নিবিষ্ট কৰি ‘সোঁৱৰণীৰ বাটে বাটে ‘ নামৰ এখন আত্মজীৱনী লিখি উলিয়াইছিল। অসমৰ সংবাদ ক্ষেত্ৰখনৰ মহীৰুহ জনৰ আন দুজন ভাতৃ তুলসী গোবিন্দ বৰুৱা আৰু প্ৰদীপ বৰুৱাও অসমৰ সংবাদ ক্ষেত্ৰখনৰ মহীৰুহ।ইতিপূৰ্বে তুলসী গোবিন্দ বৰুৱাৰ পৰলোক প্ৰাপ্তি ঘটিছে।

কনিষ্ঠ ভাতৃ প্ৰদীপ বৰুৱা অসমৰ আন এখন বহুল প্ৰচলিত আলোচনী প্ৰান্তিকৰ সম্পাদকৰ দায়িত্বত আছে। বৰুৱাই কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মাঝিথিয়া দৰমহা ব’ৰ্ডৰ অনুমোদন অনুসৰি তেওঁৰ বাতৰি কাকত গোষ্ঠীৰ কৰ্মচাৰী সকলক দা-দৰমহা দি দেশৰ ভিতৰতে আদৰ্শ স্থাপন কৰি গৈছে। ২০১৮ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। অসম সাহিত্য সভা, কমলা শইকীয়া ট্ৰাষ্ট আদি বিভিন্ন সংস্থাই তেওঁক সন্মানিত কৰিছিল।তেওঁ বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত আছিল, বিশেষকৈ অপেছাদাৰী নাট্যশালাৰ প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল প্ৰফুল্ল গোবিন্দ বৰুৱাই। সংবাদ জগতখনক এক শূন্যতাৰ সৃষ্টি কৰি ২০২৫ চনৰ ১৪ ডিচেম্বৰত বৰুৱাই গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী ৰেখা দেবী, দুই কণ্যা ক্ৰমে ববিতা ৰাজখোৱা, বনিতা বৰুৱাৰ লগতে আত্মীয় কুটুম্বক ইহ সংসাৰত এৰি থৈ গৈছে ।

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক শোক বাৰ্তাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উল্লেখ কৰে যে প্ৰবীণ সাংবাদিক তথা অসমৰ সংবাদ জগতৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি, “দ্য আছাম ট্ৰিবিউন”ৰ স্বত্বাধিকাৰী, পদ্মশ্ৰী সন্মানেৰে বিভূষিত প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ সংবাদ জগতৰ মহীৰূহগৰাকীয়ে সততা, নিষ্ঠা আৰু সামাজিক দায়বদ্ধতাৰে অভূতপূৰ্ব অৰিহণা যোগাই থৈ গৈছে ।

তেখেতৰ দেহাৱসান সংবাদ জগতৰ লগতে অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মৃত্যুত গভীৰ শৈক প্ৰকাশ কৰে । লগতে বিভিন্নসংবাদগোষ্ঠীৰ সম্পাদক, স্বত্বাধিকাৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপৰিও বহু বিশিষ্ট ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ:

দশক দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰক মহীয়ান কৰা প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক মোৰ অতি শ্ৰদ্ধাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰ শুনি অতিকৈ মৰ্মাহত হ’লোঁ৷ অসমৰ সংবাদ গোষ্ঠীৰ এক বিচক্ষণ ব্যক্তিত্ব প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱে আছাম ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা বাতৰিকাকতৰ এক যাউতিযুগীয়া ধাৰা সৃষ্টি কৰিছিল৷ মহীৰূহগৰাকীৰ অৱদান অসমৰ সমাজ জীৱন তথা সংবাদ ক্ষেত্ৰই চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ প্ৰয়াণত সংবাদ ক্ষেত্ৰৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল৷ তেখেতৰ অতনু আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, আছাম ট্ৰিবিউন গোষ্ঠী আৰু গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

লগতে পঢ়ক: বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান


Advertisement