নগাঁওঃ নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা নগাঁৱৰ শিক্ষা বিভাগৰ একাংশ বিষয়াৰ দুৰ্বলতাৰ বাবেই নগাঁৱৰ শিক্ষা ক্ষেত্ৰত অৰাজকতাৰ সৃষ্টি হৈছে (Nagaon Education Department)। দুটা দিন পূৰ্বে নগাঁও সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে কেইখনমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ডাইচ কোড আৰু ছেৱা কোড লাভৰ বাবে উচ্চ পদস্থ শিক্ষা বিষয়াৰ স্বাক্ষৰ তথা নথি পত্ৰ জালিয়াতি কৰাৰ কথা সদৰী কৰিছিল। শিক্ষা বিষয়া গৰাকীয়ে এইক্ষেত্ৰত ৮ খন বিদ্যালয়ৰ অনুমতি বাতিল কৰা হৈছে বুলিও মন্তব্য কৰিছিল।

তদুপৰি কেইবাখনো বিদ্যালয়ৰ নথি পত্ৰ সন্দেহজনক বুলি মন্তব্য কৰি তদন্তৰ আওতাত বুলি সদৰী কৰিছিল। ইয়াৰ পিছতেই জাঙুৰ খাই উঠিছে অনুমতি বাতিল কৰা একাংশ শিক্ষানুষ্ঠান। আনকি এই কথাকলৈ নগাঁৱৰ এখন চৰকাৰী শিক্ষানুষ্ঠান আৰু এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাজত সংঘাতৰো সৃষ্টি হৈছে। এই শিক্ষানুষ্ঠান দুখন হৈছে কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিষ্ণু ৰাভা চিনিয়ৰ চেকেণ্ডেৰী স্কুল। জানিব পৰাযতে ১৯৫৩ চনত স্থাপিত আৰু ১৯৮৪ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে এটা চক্ৰই বিভিন্ন অপবাদ জাপি দিছে।

এইক্ষেত্ৰত কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰীভাৱে নিযুক্তি প্ৰাপ্ত বিদ্যালয়খনৰ শিক্ষক সকলে যথেষ্ট কষ্টৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিছে। ইয়াৰ ফলতেই বিদ্যালয়খনৰ ফলাফল যথেষ্ট উন্নত। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৬.৬ শতাংশ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২শতাংশ।' তেওঁ লগতে কয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছেবা ক'ড কৰ্তন হোৱাৰ বাবেই মানসিক ভাৱে ভাগি পৰি কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে।

আনপিনেদি বিষ্ণু ৰাভা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ একাংশ অভিভাৱকে আজি নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আহি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ এবছৰ ক্ষতি হ'লেও কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যয়ন কৰিবলৈ তথা পৰীক্ষা দিবলৈ নিদিয়ে বুলি মন্তব্য কৰে। বিষ্ণুৰাভা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অভিভাৱক সকলে অভিযোগ কৰামতে কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত নহয়।

অভিভাৱক সকলে কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ ষড়যন্ত্ৰৰ বাবেই বিষ্ণু ৰাভা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছেবা ক'ড বাতিল হোৱাৰ অভিযোগ উত্থাপন কৰে। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খন বন্ধ হোৱাৰ আশংকাত হতাশাগ্ৰস্ত হৈ পৰিছে বুলি অভিযোগ কৰে। তেওঁলোকে কয়, যদি নথিপত্ৰ জালিয়াতিৰ অভিযোগ উঠিছে তেন্তে ইয়াৰ লগত নিশ্চিতভাৱে নগাঁশৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত। ডাক যোগেদি যোৱা নথি পত্ৰ যদি ভুৱা তেন্তে নিশ্চয় নগাঁও বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে জালিয়াতি কৰিছে। ক্ষোভিত অভিভাৱকৰ‌ মন্তব্য

তাৎপৰ্যপূৰ্ণ যে গুণোৎসৱ অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নীত কৰিবৰ বাবে প্ৰচেষ্টা চলাইছে যদিও শিক্ষা বিভাগৰে একাংশ অকৰ্মণ্য বিষয়া-কৰ্মচাৰীৰ বাবে ক্ৰমান্বয়ে শোচনীয় হৈ পৰিছে শিক্ষা বিভাগক। ইয়াৰ উদাহৰণ নগাঁও সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে সচেতন অভিভাৱকে।

লগতে পঢ়কঃ ডাইচ ক’ড, ছেবা ক’ড অনুমোদনত নগাঁৱত কেলেংকাৰ!