গুৱাহাটীঃ দেশৰ ৫ খন ৰাজ্যৰ বিধানসভা সভা নিৰ্বাচনৰ ফলাফলৰ বিভিন্ন সংস্থাই কৰা পূৰ্বানুমান আজি প্ৰকাশ পাইছে। সেই অনুযায়ী অসমত তৃতীয় বাৰৰ বাবে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো পূৰ্বানুমানত পোহৰলৈ আহিছে। বুধবাৰে প্ৰকাশ পোৱা এক্সিট প’লত অধিকাংশ সংস্থাই ১২৬ খন আসন থকা অসম বিধানসভাত বিজেপিয়ে ৭০ৰ পৰা ১০০ খন আসন লাভ কৰিব বুলি উল্লেখ কৰিছে (Exit Poll Results 2026)।
‘এক্সিছ মাই ইণ্ডিয়া’ৰ মতে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহে ৮৮ৰ পৰা ১০০খন আসন লাভ কৰিব। তেওঁলোকৰ মতে কংগ্ৰেছ নেতৃত্বাধীন জোটটোক ২৪ৰ পৰা ৩৬খন আসন লাভ কৰিব।
একেদৰে ‘পিপলচ পালচ’ৰ এক্সিট পল অনুযায়ী বিজেপি মিত্ৰজোঁটে ৬৮ৰ পৰা ৭২খন আসন আৰু বিৰোধী শিবিৰে ২২ৰ পৰা ২৬খন আসন লাভ কৰিব।
‘মেট্ৰিজ’ৰ মতে বিজেপি মিত্ৰজোঁটে ৮৫ৰ পৰা ৯৫খন আসন আৰু কংগ্ৰেছ আৰু বিৰোধী মিত্ৰদলসমূহে ২৫ৰ পৰা ৩২খন আসনৰ লাভ কৰিব।
‘ফিউচাৰ এজ’ৰ মতে কংগ্ৰেছে ২৭-৩২ খন, ৰাইজৰ দলে ১-২ খন, অসম জাতীয় পৰিষদে ০-১ খন, এপি এইচ এল চি য়ে ০-২ খন, চিপি আই(এম) ০-১ খন আসন লাভ কৰিব। ইপিনে সংস্থাটোৰ মতে বিজেপিয়ে ৬৫-৭০ খন, বি পি এফ ৯-১০ খন, অগপ ৭-৯ খন ইউ পি পি এল ১-২ খন আসন লাভ কৰিব।
জি নিউজ এ আইৰ মতে বিজেপি মিত্ৰজোঁটে ৮০-৮৬ খন আৰু বিৰোধী মিত্ৰদলসমূহে ২৯-৩৫ খন আসন লাভ কৰিব।
ৰিপাব্লিক টিভি পি মাৰ্কৰ মতে বিজেপি মিত্ৰজোঁটে ৮২-৮৪ খন আৰু কংগ্ৰেছ মিত্ৰজোঁট সমূহে ৩০-৪০ খন আসন লাভ কৰিব।
অন্য ৰাজ্য সমূহৰ এক্সিট পলঃ
‘ইপিনে ‘পিপলচ পালচ’ৰ সমীক্ষা মতে পশ্চিম বংগত তৃণমূল কংগ্ৰেছ (TMC)-এ ১৭৭ৰ পৰা ১৮৭খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৯৫ৰ পৰা ১১০খন আসন লাভ কৰাৰ সম্ভাৱনা দেখুওৱাইছে। কিন্তু ‘মেট্ৰিজ’ আৰু পি-মাৰ্ক-এ বিজেপিৰ পক্ষত সুবিধা থাকিব বুলি পূৰ্বাভাস দিছে। এই সংস্থা দুটাৰ মতে ২৯৪ আসন বিশিষ্ট পশ্চিম বংগৰ বিধানসভাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিব পাৰে বুলি অনুমান কৰিছে।
কেৰালাত, অধিকাংশ সমীক্ষাই এটা দশক ধৰি বিৰোধীতাত থকাৰ পিছত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ পুনৰ উত্থানৰ পূৰ্বাভাস দিছে। ‘এক্সিচ মাই ইণ্ডিয়া’ৰ সমীক্ষা মতে কেৰেলাত এ ইউডিএফৰ বাবে ৭৮ৰ পৰা ৯০খন আসন আৰু শাসক এলডিএফৰ বাবে ৪৯ৰ পৰা ৬২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ‘পিপলচ পালচ’ আৰু ‘মেট্ৰিজ’-এ কংগ্ৰেছ নেতৃত্বাধীন এ ইউ ডি এফৰ সম্ভাৱনাৰ কথাই উল্লেখ কৰিছে।
তামিলনাডুত ডিএমকে নেতৃত্বাধীন জোটে পুনৰ ক্ষমতা ধৰি ৰাখিব বুলি আশা কৰা হৈছে। ‘পিপলচ পালচ’-এ ডিএমকে জোটৰ বাবে ১২৫ৰ পৰা ১৪৫খন আসন পূৰ্বাভাস কৰিছে। ‘মেট্ৰিজ’-এ ১২২ৰ পৰা ১৩২খন আসন অনুমান কৰিছে।
পুদুচেৰীত, ‘এক্সিচ মাই ইণ্ডিয়া’ৰ সমীক্ষা মতে ৩০ আসন বিশিষ্ট বিধানসভাত এনডিএ চৰকাৰ পুনৰ ঘূৰি অহাৰ সম্ভাৱনা দেখুৱাইছে। য’ত ১৬ৰ পৰা ২০খন আসন এন ডি এ লাভ কৰিব পাৰে বুলি উল্লেখ কৰিছে। আনহাতে, ডিএমকে-কংগ্ৰেছ জোটে ৬ৰ পৰা ৮খন আসন লাভ কৰিব পাৰে।
লগতে পঢ়কঃ নগাঁৱত ষ্ট্ৰং ৰুমৰ বুজ ললে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে

