Breakthrough Prize Assam: Five Assamese Scientists Shine on Global Stageবিজ্ঞানৰ অস্কাৰ হিচাপে খ্যাত 'ব্ৰেক থ্ৰু বঁটা' আৰু অসমৰ পাঁচ গৰাকী গৱেষক বিজ্ঞানী

জিতেন বৰকটকীঃ

ৰাজ্যৰ শৈক্ষিক মেধাক আলোকিত কৰি টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত সহকাৰী অধ্যাপক ড০ অতনু নাথে বিশ্ব প্ৰসিদ্ধ বিজ্ঞানৰ অস্কাৰ হিচাপে অভিহিত বিশ্বৰ অন্যতম সন্মান ২০২৬ চনৰ মৌলিক পদাৰ্থ বিজ্ঞানৰ ‘ব্ৰেক থ্ৰু বঁটা’ লাভ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাত ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক মহল উৎফুল্লিত হৈ পৰে (Breakthrough Prize Assam)।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ অতনু নাথৰ এনে কৃতিত্বত বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰাৰ লগতে সন্তুষ্টি ব্যক্ত কৰি ড০ নাথলৈ প্ৰশংসা সূচক বাৰ্তা প্ৰেৰণ কৰে । একেদৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু,কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা , মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিসকলৰ লগতে ৰাজ্যৰ ভাালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ড০ অতনু নাথক এনে বিৰল সন্মান প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

আনহাতে সামাজিক মাধ্যমতো বহুজনে ড০ অতনু নাথক তেওঁৰ সফলতাৰ বাবে প্ৰশংসা কৰে । এইখিনিতে ৰাজ্যৰ শৈক্ষিক মহলৰ বাবে আন এক আনন্দৰ বতৰা যে ২০১২ বৰ্ষত মাৰ্ক জুকাৰবাৰ্গ,প্ৰিচচিলা চান,ইউৰি মিলনাৰ , জুলীয়া মিলনাৰ এনী ওজচিকি আদিৰ দৰে বৰেণ্য ব্যক্তিৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা বিজ্ঞানৰ বিশ্বমানৰ সন্মান ‘ব্ৰেক থ্ৰু বঁটা’ ইতিপূৰ্বে অসমৰ পাঁচ গৰাকী পদাৰ্থ বিজ্ঞানৰ গৱেষকে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য যে ২০২৫ বৰ্ষত অসমৰ পাঁচ গৰাকী সু সন্তানে বিশ্বপ্ৰসিদ্ধ বিজ্ঞানৰ অস্কাৰ হিচাপে অভিহিত বিশ্বৰ অন্যতম সন্মান মৌলিক পদাৰ্থ বিজ্ঞানৰ ‘ব্ৰেক থ্ৰু বঁটা’ লাভ কৰি আমাৰ ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল যদিও সম্ভৱত: প্ৰচাৰ বিমুখতাৰ বাবে এই সকলৰ কৃতিত্ব বহুলভাৱে প্ৰচাৰ নহ’ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে মৌলিক পদাৰ্থ বিজ্ঞানৰ ‘ব্ৰেক থ্ৰু বঁটা’ লাভ কৰা টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ অতনু নাথ অসমৰ প্ৰথম গৰাকী গৱেষক বিজ্ঞানী নহয়।

ইতিপূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ALICE-GU সহযোগিতাৰ গ্ৰুপ লিডাৰ ড০ বুদ্ধদেৱ ভট্টাচাৰ্য আৰু তেওঁৰ চাৰিজনীয়া গৱেষক বিজ্ঞানীৰ দলটোক ২০২৫ চনৰ মৌলিক পদাৰ্থ বিজ্ঞানৰ সন্মানীয় ‘ব্ৰেকথ্ৰু বঁটা’ বিজয়ী হিচাপে সন্মানিত কৰা হৈছে। অধ্যাপক বুদ্ধদেৱ ভট্টাচাৰ্যৰ নেতৃত্বত অসমৰ গৱেষকৰ দলটোৰ চাৰি গৰাকী সদস্য হৈছে ক্ৰমে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ নুৰ হুছেইন,
জাগীৰোড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল শৰ্মা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ বনজিত বৰ্মন আৰু
বৰপেটা নগাঁৱৰ বি বি কে কলেজৰ সহকাৰী অধ্যাপক ধ্ৰুবজ্যোতি চৌধুৰী।

২০২৫ বৰ্ষৰ ৫ এপ্ৰিলত প্ৰদান কৰা এই বঁটাৰ জৰিয়তে প্ৰায় ১৩.৭ বিলিয়ন বছৰ পূৰ্বে বিগ-বেঙৰ মাত্ৰ এটা মাইক্ৰ’ছেকেণ্ডৰ পিছতে অস্তিত্ব লাভ কৰা বুলি বিশ্বাস কৰা পদাৰ্থৰ নতুন অৱস্থাৰ উপলব্ধি আৰু বৈশিষ্ট্য নিৰ্ণয়ৰ ক্ষেত্ৰত তেওঁলোকৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দিয়া হয়। ALICE সহযোগিতাৰ ১,৮৬৯ জন গৱেষকৰ ভিতৰত গৌৰৱৰ বিষয় যে পাঁচজন বিশিষ্ট ব্ৰেকথ্ৰু বঁটা বিজয়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা অহা। আনহাতে ২০২৫ বৰ্ষত ‘ব্ৰেক থ্ৰু বঁটা’ লাভ কৰা জাগীৰোড মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ প্ৰাঞ্জল শৰ্মাই জানিবলৈ দিয়া মতে ব্ৰেক থ্ৰু বঁটা বিশ্বৰ অন্যতম সর্বোচ্চ বৈজ্ঞানিক স্বীকৃতি হিচাপে পৰিচিত ।এই বঁটা বিশ্বজুৰি মৌলিক গবেষণাত অসামান্য অবদান আগবঢ়োরা বিজ্ঞানীসকলক প্ৰদান কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ বুদ্ধদেৱ ভট্টাচাৰ্যৰ নেতৃত্বত ২০২৫ বৰ্ষৰ বিজ্ঞানৰ সম্মানীয় ব্ৰেক থ্ৰু বঁটা লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচজনীয়া পদাৰ্থ বিজ্ঞানৰ গৱেষক বিজ্ঞানীৰ দলটোৱে ছুইজাৰলেণ্ডত অৱস্থিত বিশ্ববিখ্যাত ‘CERN’ত সম্পন্ন হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাগাৰ ALICE ত আগবঢ়োৱা অনবদ্য অৱদানৰ এই বিশ্বমানৰ স্বীকৃতি প্রদান কৰা হয়। উল্লেখ্য যে, ২০২৫ বৰ্ষত মৌলিক পদার্থ বিজ্ঞানৰ ব্ৰেক থ্ৰু বঁটা CERN ATLAS, CMS, ALICE আৰু LHCb পৰীক্ষাগাৰত অর্ন্তভুক্ত বিজ্ঞানী সকলক প্ৰদান কৰা হয়। বিশ্বৰ প্ৰায় ১৩ হেজাৰ গৱেষক বিজ্ঞানীৰ অংশীদাৰিত্ব থকা এই বঁটাত মাননি হিচাপে ৩০ লাখ মার্কিন ডলাৰ আগবঢ়োৱা হয়।

উল্লেখ্য যে ২০২৫ বৰ্ষৰ ৫ এপ্ৰিলত কেলিফর্নিয়াত বিজ্ঞান জগতৰ ‘অস্কাৰ’ হিচাপে পৰিচিত এই বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক দলটোক প্ৰদান কৰা হৈছিল।

লগতে পঢ়কঃ নগাঁৱত ” প্ৰজ্ঞা প্ৰদীপ তিলক চন্দ্ৰ মজুমদাৰ ” গ্ৰন্থ উন্মোচন


Advertisement