নগাঁওঃ বিশিষ্ট পণ্ডিত ,শংকৰী সংস্কৃতিৰ সাধক প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ সোঁৱৰণত প্ৰকাশ কৰি ওলিওৱা সম্পাদনা গ্ৰন্থ “প্ৰজ্ঞা প্ৰদীপ তিলক চন্দ্ৰ মজুমদাৰ” আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ চিন্তা জুৰণি কক্ষৰ সভাগৃহত উন্মোচন কৰা হয় (Tilak Chandra Mazumdar Book Launch)। গ্ৰন্থখন উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে । গ্ৰন্থখন উন্মোচন কৰি ডঃ শৰৎ বৰকটকীয়ে কয়, তিলক চন্দ্ৰ মজুমদাৰ কেৱল এজন ব্যক্তি নাছিল।এই গ্ৰন্থখনৰ জৰিয়তে নতুন প্ৰজন্মই তেওঁৰ জীৱনৰ আদৰ্শ, ত্যাগ আৰু সাধনাৰ কথা জানিবলৈ সুযোগ পাব। বিশেষকৈ আজিৰ সময়ত, যেতিয়া মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ কথা পুনৰ সজাগ কৰি তোলাৰ প্ৰয়োজন হৈছে, তেতিয়া এই ধৰণৰ গ্ৰন্থৰ মূল্য আৰু গুৰুত্ব বহুগুণে বেছি বুলি মই কব বিচাৰো।মই গ্ৰন্থখনৰ প্ৰকাশক/সম্পাদকক লগতে লেখকসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোকে এক গুৰুত্বপূর্ণ দায়িত্ব গ্ৰহণ কৰি তিলক চন্দ্ৰ মজুমদাৰৰ জীৱন আৰু কৰ্মক সজীৱ ৰূপত তুলি ধৰিছে । এই প্ৰচেষ্টাই নিশ্চয় আমাৰ সমাজক সমৃদ্ধ কৰিব।
ডঃ বৰকটকীয়ে লগতে কয়, “প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ জীৱন আৰু কৰ্মই আমাক এই শিক্ষা দিছে য়ে, সংস্কৃতিৰ সংৰক্ষণ কেৱল দায়িত্ব নহয়, ই এক সাধনা। এটা জাতিৰ সংস্কৃতি মানুহৰ অন্তৰ আৰু আত্মাত বাস কৰে। মানুহৰ অন্তৰ আৰু আত্মাত বাস কৰা সংস্কৃতিৰ সন্ধান দিছিল অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰে।” অধ্যাপক মজুমদাৰৰ দৰে গবেষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা আৰু তেওঁৰ পথ অনুসৰণ কৰি আগবঢ়া আমাৰ নৈতিক আৰু সাংস্কৃতিক কৰ্তব্য বুলি ডঃ বৰকটকীয়ে মন্তব্য কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অবসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই তিলক চন্দ্ৰ মজুমদাৰৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰি কয় যে অসমৰ জাতীয় জীৱনৰ উত্তৰণৰ বাবে যি সকল অসমীয়া সু- সন্তানে অহোপুৰুষাৰ্থ কৰিছিল, সেই সকলৰ ভিতৰত মজুমদাৰ এগৰাকী যোগ্য ব্যক্তি। ৰামদিয়াৰ পৰা আহি নগাঁৱত বসবাস কৰা প্ৰয়াত তিলক চন্দ্ৰ মজূমদাৰে নগাঁৱৰ মানুহক আপোন কৰি লৈছিল এজন শিক্ষক হিচাপে ,শংকৰী সংস্কৃতিৰ সাধক হিচাপে। আচলতে মজুমদাৰ এগৰাকী সাহিত্যিক ,শিক্ষক আৰু প্ৰকৃত জাতীয়তাবাদী মনৰ ব্যক্তি আছিল।
বৰুৱাই লগতে কয় যে অসমৰ সত্ৰ সমুহৰ ইতিহাস অধ্যয়ন তেওঁৰ ভুমিকা আছিল গুৰুত্বপূৰ্ণ।অসম আন্দোলনত মজুমদাৰে গ্ৰহণ কৰা অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে মজুমদাৰে আন্দোলনৰ সময়ত আন্দোলন বিৰোধী সকলৰ সমীহ আদায় কৰিব পৰাটো মনকৰিবলগীয়া বিষয়। মজুমদাৰে আন্দোলনৰ অপশক্তিৰ বিৰুদ্ধে শক্তিশালী ভাবে যুজঁ দিছিল। তেওঁ কামৰ মাজেৰে এজনে সামাজিক ভাবে দ্বায়বদ্ধ ব্যক্তি হিচাপে পৰিচয় দি গৈছে।
বৰুৱাই আৰু কয় যে অসম আন্দোলনৰ মাজেৰে অসমত সাংস্কৃতিক আন্দোলনো আৰম্ভ হৈছিল – এচাম নতুন লিখকৰো সৃষ্টি হৈছিল, এখন নতুন পঢ়ুৱৈ সমাজৰ সৃষ্টি হৈছিল। নগাঁও জিলাও ইয়াৰ ব্যতিক্ৰম নাছিল। আমি অসমীয়া শৰাইঘটীয়া , আমি অসমীয়া লুইতপৰীয়া আদি সাপ্তাহিক কাকত প্ৰকাশ হৈছিল। তিলক চন্দ্ৰ মজুমদাৰে এই কাকত সমূহৰ উপদেষ্টা হিচাপে কাম কৰিছিল।
অসমৰ সমাজ – সংস্কৃতিৰ হিত চিন্তাই মজুমদাৰৰ জীৱনৰ ব্ৰত আছিল বুলি মন্তব্য কৰি বৰুৱাই কয় যে মজুমদাৰে জীৱনত কেতিয়াও আপোচ কৰা নাছিল। তেওঁ অসমীয়া জাতিৰ সবল মুখপাত্ৰ আছিল বুলি বৰুৱাই আৰু কয় যে এজন সু শিক্ষকহে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মজুমদাৰ সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰা ব্যক্তি আছিল। বৰুৱাই লগতে কয়, তিলক মজুমদাৰ শংকৰী গৱেষক, সু বক্তা, বাতৰি কাকতৰ স্তম্ভলেখকৰ লগতে জাতীয়তাবাদী অসমীয়া ব্যক্তি আছিল। তেওঁৰ ব্যক্তিত্ব, চিন্তা চৰ্চাক প্ৰণালী বদ্ধভাবে চিন্তা কৰিব লাগিব। তিলক মজুমদাৰক বাদ দি অসমৰ সামাজিক ইতিহাস সম্পূৰ্ণ নহয়।
নগাঁও সাহিত্য সভাৰ উদ্যোগত অনুস্থিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও সাহিত্য সভাৰ সভাপতি পাপুল বৰাই।
ডঃ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা সভাত মজুমদাৰৰ পত্নী উপমা মজুমদাৰৰ কাব্যগ্ৰন্থ ” সুগন্ধি সৌৰভ ” উন্মোচন কৰে সাহিত্যিক তথা অবসৰপ্ৰাপ্ত অধ্যাপিকা ড: মঞ্জু লস্কৰে। ডঃ কৰবী দেবীয়ে পৰিবেশন কৰা বৰগীতৰে আৰম্ভ হোৱা সভাখনত নগাঁও জিলা সাহিত্য সভাৰ উপাসনা শাখা আৰু কাঁচিয়লি শাখাই ‘চিৰ চেনেহী ভাষা জননী’ গীতটো পৰিবেশন কৰে। সভাত হৰ্ষিতা গাৰ্গে গীত পৰিবেশন কৰে। পাপুল বৰাই আঁত ধৰা সভাখনত বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰৰ পত্নী উপমা মজুমদাৰেও নিজৰ অনুভৱ ব্যক্ত কৰে।সভাত পৰিয়ালৰ তৰফৰ পৰা গ্ৰন্থখনৰ লেখক সকলক সম্বৰ্ধনা জনোৱা হয়।
সভাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কুলেন দাস, বিশিষ্ট সাংবাদিক কনক হাজৰিকা আদি উপস্থিত থাকে। উল্লেখযোগ্য যে, প্ৰজ্ঞা প্ৰদীপ তিলক চন্দ্ৰ মজুমদাৰ গ্ৰন্থখন সম্পাদনা কৰিছে পাপুল বৰাই।
লগতে পঢ়কঃ ব্যতিক্ৰমী কাৰ্যসূচীৰে মে’ দিৱস পালন নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

