May Day Celebration in Nagaon Marked by Unique Initiatives by Deputy Commissionerব্যতিক্ৰমী কাৰ্যসূচীৰে মে' দিৱস পালন নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁও: আন্তৰাষ্ট্ৰীয় মে’ দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে । আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে’ দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে (May Day Celebration Nagaon)।

আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে’ দিৱসৰ ওলগ জনায়।

ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।

লগতে পঢ়কঃ ধিং এফ‌আৰ‌ইউত প্ৰতিবন্ধীৰ বাবে বিশেষ শৌচাগাৰ মুকলি


Advertisement