Dangerous Condition of Bebejia-Dakshinpat-Barkola Road Raises Accident Riskবেবেজীয়া-দক্ষিণপাট-বৰক'লা সংযোগী পথৰ বিধস্ত ৰূপ

নগাঁওঃ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত বাট-পথৰ উন্নয়ন সাধন হোৱা বুলি মন্ত্ৰী-বিধায়ক সকলে দাবী কৰিলেও বহু অঞ্চলত ইয়াৰ বিপৰীত ছবি এখনহে দেখা পোৱা যায়। নগাঁও জিলাৰ বেবেজীয়াৰ পৰা দক্ষিণপাট বৰক’লা –কামপুৰ সংযোগী সদাব্যস্ত পথটোৰ দক্ষিণপাট (Bebejia Dakshinpat Barkola Road) চাৰিআলি পাৰ হৈ বালিগাঁও মছজিদৰ সন্মুখৰ তিনিআলিত পুখুৰী সদৃশ গাঁতে পথচাৰী সকলৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজক জ্বলাকলা খুৱাই আহিছে।

একাৰ্থত ক’বলৈ গ’লে পথটোৰ এই অংশ মৰণফাণ্ডলৈ ৰূপান্তৰিত হৈছে। উল্লেখ্য যে বেবেজীয়াৰ পৰা দক্ষিণপাট-বৰক’লা-কামপুৰ, কচুৱা-বৈঠালাংচলৈ পোণপটীয়া চমু পথ চোৱাৰ বৰ্তমান দক্ষিণপাট আৰু বৰক’লাৰ মাজত সৃষ্টি হোৱা সৰু বৰ গাঁতৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। এই পথটোৰে পুৱাৰ পৰা নিশালৈকে বহু গাড়ী চলাচল কৰে। তাৰোপৰি নগাঁও চহৰলৈ যাতায়তৰ ই অন্যতম গুৰুত্বপূৰ্ণ পথ। বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে চহৰৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকল এই পথটোৰেই যাতায়ত কৰে।

উল্লেখযোগ্য যে, পূৰ্বতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটো বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত। এই পথটোৰে যাব পৰা গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ হৈছে গুৰু নানকৰ মহাবিদ্যালয়, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কালিকা থান,আহোমৰ ৰজাদিনীয়া বৈদ্য পুখুৰী, মিকিৰ পুখুৰী, বৰক’লাৰ শিখ সকলৰ কেন্দ্ৰীয় গুৰুদ্বাৰকে ধৰি বহু কেইটা গুৰুদ্বাৰ আদি বহু কীৰ্তি চিহ্ন সমৃদ্ধ হৈ আছে । সদাব্যস্ত পথটোৰ উল্লেখিত অংশৰ দুৰাৱস্থাৰ বাবে বিগত সময়চোৱাত কেইবাখনো মটৰ চাইকেল , চাইকেল আৰোহীৰ সেই স্থানত দুৰ্ঘটনাত পতিত হৈছে। এই পথচোৱা মেৰামতিৰ বাবে লোক নিৰ্মাণ বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে কয়, এই পথচোৱাৰে‌ বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী সকল অহা যোৱা কৰে। গতিকে পথচোৱা মেৰামতিৰ কৰাটো খুবেই প্ৰয়োজন। অন্যহাতে জেষ্ঠ শিক্ষক চন্দ্ৰ মোহন শৰ্মাই পথছোৱাৰ মেৰামতি কৰি উন্নিতকৰণ দাবী কৰিছে । বৰক’লাৰ বিভিন্ন ৰাইজে ৰহাৰ বিধায়ক শশীকান্ত দাসক পথচোৱা মেৰামতিৰ সু ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়কঃ মুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা ভূমি চমজি ললে দেৱাশীষ শৰ্মাই


Advertisement