Devashish Sharma Receives 4.8 Bighas Land for Second Assam Bhawan in Mumbaiমুম্বাইত দ্বিতীয়টো অসম ভৱনৰ বাবে ৪.৮ বিঘা ভূমি চমজি ললে দেৱাশীষ শৰ্মাই

মুম্বাই: মুম্বাইলৈ যাবলগীয়া হোৱা অসমৰ লোকসকলৰ বাবে এটা সুখবৰ। মুম্বাই মহানগৰীৰ প্ৰাণকেন্দ্ৰস্বৰূপ কটন গ্ৰীণত অসম ভৱন নিৰ্মাণৰ বাবে সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে আনুষ্ঠানিকভাৱে ভূমি হস্তান্তৰ কৰে অসম চৰকাৰক (Assam Bhawan Mumbai)। মুম্বাইৰ কটন গ্ৰীণত ৪.৮ বিঘা মাটি সোমবাৰে দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয় । এই নতুন অসম ভৱনে অসমৰ কৰ্কট ৰোগীসকলৰ সহায়-সহযোগিতাৰ উপৰিও আন অতিথিসকলৰ বাবে আবাসৰ সুবিধা প্ৰদান কৰিব।

লগতে ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাইত অসমক অধিক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰা আৰু ৰাজ্যখনৰ সংস্কৃতি, পৰ্যটন, বাণিজ্য তথা সম্ভাৱনাক প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে। অসম চৰকাৰৰ হৈ এই ভূমিখন গ্ৰহণ কৰে নগাঁও জিলাৰ জিলা আয়ুক্ত তথা অসম ভৱন, মুম্বাইৰ যুটীয়া আৱাসিক আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা দেৱাশীষ শৰ্মাই। তেওঁ ৰাষ্ট্ৰীয় বন্দৰ ন্যাস প্ৰাধিকৰণ, মুম্বাইৰ ইষ্টেট মেনেজাৰৰ পৰা এই ভূমিখিনিৰ স্বত্ব গ্ৰহণ কৰে। অসম ভৱন নিৰ্মাণৰ বাবে ভূমি চমজি লৈ নগাঁৱৰ জিলা আয়ুক্ত তথা অসম ভৱন, মুম্বাইৰ যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই কয়,:”নৱী মুম্বাইত থকা অসম ভৱনত উদ্ভৱ হোৱা আৱাসীৰ বৰ্দ্ধিত হেচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আৰু এটা অসম ভৱনৰ খুবেই আৱশ্যক হৈ পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা যোৱা আন লোকৰ লগতে চিকিৎসাৰ বাবে যোৱা কৰ্কটৰোগীৰ বৰ্দ্ধিত চাহিদাৰ যথেষ্ট পূৰণ কৰিব পাৰিব। আজিৰ দিনটো অসমবাসীৰ বাবে অত্যন্ত আনন্দৰ দিন। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত মুম্বাই প্ৰাণকেন্দ্ৰত দ্বিতীয়টো অসম ভ্ৰমণ নিৰ্মাণৰ বাবে ৪.৮ বিঘা ভূমি লাভ কৰাটে সম্ভৱ হৈছে।”

উল্লেখযোগ্য যে, পূৰ্বে সুদীৰ্ঘ কাল মুম্বাইৰ অসম ভৱনতে কৰ্মৰত হৈ থকাৰ সময়ত দেৱাশীষ শৰ্মাই অসমৰ পৰা যোৱা কৰ্কট ৰোগীসকলৰ প্ৰতি অসাধাৰণ সেৱা আগবঢ়াইছিল। তেওঁ উক্ত মাটিডৰাত আজিয়ে অসম ভৱনৰ নামত ছাইনবোৰ্ড আৰি দিয়াৰ লগতে ভবমি পূজম কৰে।

লগতে পঢ়কঃ ৩০৪ টা বিষয় ঠাইতে নিষ্পত্তিৰে নগাঁৱত জনভাগিদাৰী অভিযানৰ সফলতা


Advertisement