নগাঁওঃ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ তিনিদিন পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হয় Himanta Biswa Sarma at Bordowa। গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ উদ্দেশ্যে আজি পুৱাই হেলিকপ্টাৰেৰে বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰীজন। ইয়াৰ পিছতে আবিৰ্ভাৱ ক্ষেত্ৰৰ পৰা পোনে পোনে তেওঁ শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ ৰাওনা হয়।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়,” বিগত ১২ মে’ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰো। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত গুৱাহাটীৰ বাহিৰত কাৰ্যসূচী লোৱা নাছিলো। গুৱাহাটীৰ বাহিৰলৈ যেতিয়াই যাম প্ৰথমে বটদ্ৰৱা থানলৈ যাম বুলি ভাবিছিলো। গুৰুজনাৰ আশীৰ্বাদ বিচাৰিম আৰু গুৰুজনাই দেখুৱাই যোৱা পথৰে অসমখনক আগবঢ়াই নিবলৈ চেষ্টা কৰিম । আজি মোৰ পৰম সৌভাগ্য যে গুৱাহাটীৰ পৰা বৰদোৱালৈ আহি ভাগৱতৰ ওচৰত শিৰনত কৰি প্ৰণাম কৰিলো। তাৰ লগতে বটদ্ৰৱাত উপস্থিত ভকত সকলৰ আশীৰ্বাদ গ্ৰহণ কৰিলো।”
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ অসমৰ কল্পনা কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয়, “গুৰুজনাই কল্পনা কৰা অসমখন এখন শান্তিপূৰ্ণ অসম। য’ত আধ্যাত্মিকতাৰে পূৰ্ণহৈ থাকে আৰু সকলো মানুহে নিজৰ নিজৰ ক্ষমতা অনুযায়ী আগবাঢ়ি যাবলৈ সুবিধা পায়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে দেখুৱাই যোৱা পথেৰে আমাৰ চৰকাৰখনে কাম কৰিব। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত গুৰুজনাৰ জন্মভূমি শত থিয়হৈ সেই সংকল্প আকৌ এবাৰ গ্ৰহণ কৰিলো। তদুপৰি দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ দিয়া বাবে অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিলো।”
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “বটদ্ৰৱা থানক সকলো ফালৰ পৰা আগুৱাই নিয়াটো আমাৰ চৰকাৰৰ এক বিশেষ দায়িত্ব। থান পৰিচালনা সমিতিৰ সৈতে আজিও কেইবাটাও প্ৰকল্পৰ সম্পৰ্কত আলোচনা কৰিছো। নিশ্চিতভাৱে বাবে বটদ্ৰৱা থানৰ উন্নয়ন আৰু বিকাশৰ যি কাম আমি হাতত লৈছিলো সেইয়া অনাগত সময়তো অব্যাহত থাকিব।
বটদ্ৰৱা থানৰ সমীপত থকা ৰামপুৰ সত্ৰৰ বেদখল প্ৰসংগত তেওঁ কয়, “আমি সত্ৰ আয়োগ গঠন কৰিছো। সত্ৰ আয়োগেও সোনকালে কাম আৰম্ভ কৰিব। এই আয়োগকে সত্ৰৰ বেদখল মুক্ত কৰা, সত্ৰৰ উন্নয়ন আদি বিষয়ৰ দায়িত্ব অৰ্পণ কৰা হব। এইক্ষেত্ৰত মই নিজেও চোৱাচিতা কৰিম।”
বিগত পাঁচবছৰীয়া কাৰ্যকাল আৰু এইবাৰৰ মাজৰ পাৰ্থক্যৰ সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ” এইবাৰ যিহেতু ১০২ খন আসন লাভ কৰিছো, গতিকে দায়িত্ব নিশ্চিতভাৱে বৃদ্ধি পাইছে। বিগত পাঁচ বছৰতকৈ এইবাৰ অধিক কষ্ট কৰিম। যাতে অসমৰ উন্নতি হয়। ইয়াৰ উপৰিও বিগত পাঁচ বছৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুতৰ সময়ত কভিড’ৰ বিভিষিকা সন্মুখত আছিল। সেয়ে আমাৰ সংকল্প সীমিত আছিল। এইবাৰ আমি নিৰ্বাচনী ইস্তাহাৰত অধিক কাম কৰাৰ প্ৰতিশ্ৰুতি দিছো। মই নিশ্চিত আমাৰ ঘোষণা পত্ৰখনক হাতে কামে সফলকৰিম।”
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জুলাই মাহৰ পাঁচ-ছয় তাৰিখৰ পৰা বাজেট অধিৱেশনৰ আৰম্ভ হব বুলি মন্তব্য কৰি কয়, ” বাজেট অধিৱেশনৰ পূৰ্বে পাঁচবছৰীয়া পৰিকল্পনালৈ বিভিন্ন বিভাগৰ লগত এই কেইদিন কথা পাতিম। বিশেষকৈ যিবোৰ প্ৰকল্পৰ কাম নিৰ্বাচনৰ পূৰ্বে আধৰুৱা আছিল, যিবোৰ প্ৰকল্পৰ কাম ভাবিছিলো কিন্তু কৰিব পৰা নাছিলো বা ৰাইজে আমাক দিয়া নতুন পৰামৰ্শ আদিৰ সম্পৰ্কত বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰো ৰাইজৰ পৰামৰ্শ সন্নিবিষ্ট কৰিব পাৰো।
অন্যহাতেদি পৱন খেৰাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰীজনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাজনৈতিক বক্তব্য নাৰাখে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সংগদান কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।
লগতে পঢ়কঃ এইচ পি ভি ভেকচিনক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

