HPV Vaccine Nagaon: District Administration Urges Adolescent Girls to Take Vaccine Safelyএইচ পি ভি ভেকচিনক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

নগাঁও : মহিলাৰ জৰায়ুৰ আৰু মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে প্ৰদান কৰা হিউমেন পেপিলমা ভাইৰাছ (এইচ পি ভি) টিকাকৰণ (HPV Vaccine Nagaon ) অভিযানৰ পৰ্যালোচনাৰ উদ্দেশ্যে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাখনত পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে স্বাস্থ্য বিভাগৰ প্ৰতিটো খণ্ডৰ কাৰ্য দক্ষতাৰ ওপৰত আলোচনা কৰা হয় আৰু যিবোৰ ব্লকে ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকৰ সফলতাৰ লগতে দুৰ্বল প্ৰদৰ্শন কৰা ব্লকসমূহৰ সমস্যাবোৰো পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তই ছাত্ৰী, বিদ্যালয়ৰ শিক্ষক আৰু অভিভাৱকসকলৰ মাজত এই টিকাকৰণৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সকলো বিষয়াকে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি অভিযানৰ বাকী থকা দিনকেইটাৰ বাবে খণ্ড ভিত্তিক দৈনিক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়।

নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্যত উপনীত হ’বলৈ স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ এই তিনিওটা বিভাগক পাৰস্পৰিক সমন্বয়েৰে কাম কৰিবলৈ আৰু এই কাৰ্যসূচীসমূহৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়। তেওঁ কয় যে, এই টিকা সম্পূৰ্ণ নিৰাপদ। অসমৰ দৰে কৰ্কটৰোগৰ প্ৰাদুৰ্ভাব থকা ৰাজ্যৰ বাবে অতি আৱশ্যকীয়। কিছুমান অপপ্ৰচাৰৰ বাবে যাতে এই প্ৰতিষেধকৰ পৰা আমাৰ কিশোৰীসকল বঞ্চিত নহয় তাৰবাবে ব্যাপক আৰু সঠিক জন সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) কমলজিৎ শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা টিকাকৰণ বিষয়া, বিদ্যালয় পৰিদৰ্শক, জিলা সমাজ কল্যাণ বিষয়া, নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, জিলা কাৰ্যসূচী প্ৰৱন্ধক, সকলো মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া তথা ব্লক গোটসমূহ, ডি.চি.এম., ইউ এন ডি পিৰ সমন্বয়ক আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ কাৰ্যসূচী বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে, জৰায়ু মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰতিৰোধ কৰিব পৰা এই প্ৰতিষেধক বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰীক্ষণত অসমত অহা ৩০ জুনলৈকে অব্যাহত থাকিব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, সকলো স্বাস্থ্য কেন্দ্ৰ, মেডিকেল কলেজ, জিলা চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদিত এই প্ৰতিষেধক বেজি ১৪ ৰ পৰা ১৫ বছৰৰ কিশোৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে। এই সুবিধা গ্ৰহণৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ ছাত্ৰী বা অভিভাৱকসকলক আহ্বান জনোৱা হৈছে।

লগতে পঢ়কঃ নগাঁৱত ‘কুঁহিপাঠ’ৰ ওপৰত প্রস্তুত কৰা কাৰ্টুন ভিডিঅ উন্মোচন জিলা আয়ুক্তৰ


Advertisement