Kuhipath Cartoon Video Unveiled by Nagaon DC Devashish Sharmaনগাঁৱত 'কুঁহিপাঠ'ৰ ওপৰত প্রস্তুত কৰা কাৰ্টুন ভিডিঅ উন্মোচন জিলা আয়ুক্তৰ

নগাঁওঃ এসময়ত পঢ়াশালিত প্ৰচলিত কুঁহিপাঠৰ কবিতাৰ নান্দনিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন প্ৰজন্মৰ শিশু সকলক এই কবিতাসমূহৰে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে নগাঁও চহৰৰ দুগৰাকী মহিলা ক্ৰমে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা তথা বিশিষ্ট কন্ঠশিল্পী অঞ্জলি কটকী আৰু সমাজসেৱিকা তথা কন্ঠ শিল্পী নৱনীতা শৰ্মাই কুঁহিপাঠৰ কবিতা সমূহৰ আধাৰত প্ৰায় কুৰি মিনিট সময়ৰ এটি কাৰ্টুন ভিডিঅ প্ৰস্তুত কৰি উলিয়াইছে (Kuhipath Cartoon Video)।

নগাঁও চহৰৰ ১ নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ত আজি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ‘কুঁহিপাঠ’ৰ আধাৰত প্রস্তুত কৰা এই কাৰ্টুন ভিডিঅ’ উন্মোচন কৰে । কুঁহিপাঠ প্ৰকল্পৰ ভিডিঅ’ টো উন্মোচন কৰি জিলা আয়ুক্ত শৰ্মাই কয় যে কুঁহিপাঠৰ আধাৰত প্রস্তুত কৰা এই কাৰ্টুন ভিডিঅৰ জৰিয়তে বৰ্তমান প্ৰজন্মৰ শিশু সকলৰ নিশ্চয়কৈ অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব ।

আনহাতে আন ৰাজ্যৰ পৰা অহা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সকলেও এই কাৰ্টুন ভিডিঅৰ জৰিয়তে উপকৃত হব । জিলা আয়ুক্ত গৰাকীয়ে আৰু কয় যে আমি পৃথিবীৰ যতেই নেথাকো কিয় আমাৰ নিজৰ ভাষা-সংস্কৃতিক আপোন কৰি লব লাগিব । আনহাতে তেওঁ কুঁহিপাঠৰ আধাৰত ভিডিঅ কাৰ্টুন নিৰ্মান কৰাৰ বাবে অঞ্জলি কটকী আৰু নৱনীতা শৰ্মাৰ শলাগ লয়।

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা, সাংস্কৃতিক সাংবাদিক উজ্বলজ্যোতি দাস, বিশিষ্ট সমাজসেৱিকা নৱনীতা শৰ্মা, শিল্পী ৰমেন ভাগৱতী, ১নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱজিৎ বেজবৰুৱা, প্ৰধান শিক্ষয়িত্ৰী বিজয়া মহন্ত,বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্ৰ-ছাত্ৰী আৰু আন কেইবাখনো বিশ্ববিদ্যালয়ৰ প্ৰধানসকল উপস্থিত থাকে।অনুষ্ঠানত প্ৰাক্তন অধ্যক্ষা তথা কন্ঠ শিল্পী অঞ্জলি কটকীয়ে কুঁহিপাঠৰ আধাৰত প্রস্তুত কৰা কাৰ্টুন ভিডিঅটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে ।

উল্লেখ্য যে ‘কুঁহিপাঠ’ কাৰ্টুন ভিডিঅৰ প্ৰযোজনা অঞ্জলি কটকী আৰু নৱনীতা শৰ্মাৰ । সামগ্ৰিক পৰিকল্পনা অঞ্জলি কটকী, সংগীত ব্যবস্থাপনাত অমল ডেকা,এনিমেছন গুৱাহাটীৰ পংকজ শৰ্মাৰ, কন্ঠদান কৰিছে অঞ্জলী কটকী, নৱনীতা শৰ্মা, দুলুমণি শইকীয়া আৰু গৌতম বৰাই।সহযোগী শিশু শিল্পীসকল হৈছে-জীয়া, ৰিয়না,আৰ্হি আৰু ৰিধি। আনহাতে কুঁহিপাঠ প্ৰকল্প’ৰ খণ্ড সমূহ হৈছে তৃপ্তিৰে কৰোঁ অহা স্মৃতি, অ’ ফুল অ’ ফুল, সানমিহলি আৰু ওলট পালট।

ইপিনে ১নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰবেশ কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মা নিজৰ শৈশৱলৈ উভতি যায় । তেওঁ বিদ্যলয়খনত উমলি থকা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু সময় ৰুমাল দৌৰ খেল খেলি আনন্দত বিভোৰ হৈ পৰে । জিলা আয়ুক্ত গৰাকীয়ে বিদ্যালয়খনৰ চৌহদত এটি গছ পুলি ৰোপন কৰে।

লগতে পঢ়কঃ নীতি আয়োগৰ প্ৰতিবেদন প্ৰকাশ পালে দেশৰ শিক্ষা ব্যৱস্থাৰ দুৰাৱস্থাৰ ছবি


Advertisement