চন্দনজ্যোতি বৰাঃ এপিনে দেশৰ ব্যক্তিগত শিক্ষাখণ্ডৰ জয় জয়কাৰ আনপিনেদি চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থা। এইটোৱেই বৰ্তমানৰ বাস্তৱ ছৱি (School Education System in India)। দেশৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত নূন্যতম সুবিধাসমূহো উপলব্ধ নহয়। বহু বিদ্যালয়ত শৌচালয়, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ আদি মৌলিক সুবিধাৰ অভাৱ । আনকি বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক পর্যন্ত নাই। আকৌ ক’তো বিদ্যালয় আৰু শিক্ষক দুয়ো আছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি একেবাৰেই নগণ্য।
বৃহস্পতিবাৰে নীতি আয়োগে প্ৰকাশ কৰা ‘স্কুল এডুকেশন ছিষ্টেম ইন ইণ্ডিয়া’ শীৰ্ষক প্ৰতিবেদনত দেশৰ শিক্ষা ব্যৱস্থাৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায় ৯৮,৫৯২খন বিদ্যালয়ত ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰৰ ব্যৱস্থা নাই। আনহাতে ৬১,৫৪০খন বিদ্যালয়ৰ শৌচাগাৰ ব্যৱহাৰৰ উপযোগী অৱস্থাতো নাই। ইয়াৰ লগতে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দেশৰ প্ৰায় ১.১৯ লাখ বিদ্যালয়লৈ আজিও বিদ্যুৎ সংযোগ নাই। প্ৰায় ৬০ হাজাৰ বিদ্যালয়ত হাত ধোৱাৰ সুবিধা নাই আৰু ১৪ হাজাৰ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ সংযোগো অনুপস্থিত।
অন্যহাতে, দেশৰ অর্ধেকতকৈ অধিক চৰকাৰী বিদ্যালয়ত বিজ্ঞান গৱেষণাগাৰ বা লেবৰেটৰীৰ সুবিধা নাই বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। যদিও বিগত কেইবছৰত বহু বিদ্যালয়লৈ বিদ্যুৎ সংযোগ বিস্তাৰ কৰা হৈছে। এসময়ত দেশৰ মাত্ৰ ৫৫ শতাংশ বিদ্যালয়ত বিদ্যুৎ সুবিধা আছিল যদিও বৰ্তমান সেই সংখ্যা ৯১.৯ শতাংশলৈ বৃদ্ধি পাইছে। আন এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে প্ৰতিবেদনত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ কথাও উল্লেখ কৰা হৈছে।
অসমত ২৮২০ খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে। এই এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৯২৬৯৯ জন। অৰ্থাৎ সমগ্ৰ দেশতে ১ লাখ ৪ হাজাৰ ১২৫ খন এজনীয়া শিক্ষকৰ বিদ্যালয় আছে।
সৰ্বাধিক এজনীয়া শিক্ষক থকা বিদ্যালয় আছে অন্ধ্ৰপ্ৰদেশত ১২,৯১২ খন। ইয়াৰ পিছত আছে উত্তৰ প্ৰদেশত ৯৫০৮ খন। তৃতীয় স্থানত আছে ঝাৰখণ্ড ৯১৭২ খন। মহাৰাষ্ট্ৰ আছে ৮১৫২ খন। কৰ্ণাটকত আছে ৭৩৪৯ খন। মধ্যপ্ৰদেশত আছে ৭২১৭ খন। পশ্চিম বংগত আছে ৬৪৮২ খন। ৰাজস্থানত আছে ৬১১৭ খন। লাক্ষাদ্বীপ, পুডুচেৰী আদিত অৱশ্যে এজনীয়া শিক্ষকৰ এখনো বিদ্যালয় নাই।
উচ্চ প্ৰাথমিক স্তৰত বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসমৰ হাৰ ৫.০ শতাংশ। উচ্চ প্ৰাথমিক স্তৰত সৰ্বাধিক বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী আছে মিজোৰামত (হাৰ ১১.৬ শতাংশ)। বিহাৰত ৯.৩ শতাংশ। মেঘালয়ত ৭.৮ শতাংশ, মধ্যপ্ৰদেশত ৬.৩ শতাংশ, গুজৰাটত ৫.৮ শতাংশ, অৰুণাচলত ৫.১ শতাংশ,
প্ৰাথমিক স্তৰৰ বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসমৰ হাৰ ৩.৮ শতাংশ। এই ক্ষেত্ৰত মিজোৰামত সৰ্বাধিক ১০.৮ শতাংশ। অৰুণাচল প্ৰদেশত ৪.৮ শতাংশ। মেঘালয় ৪.২ শতাংশ, ৰাজস্থান ৩.৬ শতাংশ, বিহাৰ ২.৯ শতাংশ, মনিপুৰ ২.৯ শতাংশ, নাগালেণ্ড ২.৮ শতাংশ, তামিলনাডু ২.৭ শতাংশ,লাডাখ ২.৬ শতাংশ, পাঞ্জাব ২.৫ শতাংশ।
মাধ্যমিক স্তৰত বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসমৰ হাৰ হৈছে ১৭.৫ শতাংশ ।এই ক্ষেত্ৰত সৰ্বাধিক হাৰ হৈছে পশ্চিম বংগৰ ( ২০.০ শতাংশ)। ইয়াৰ পিছত আছে ক্ৰমে অৰুণাচল প্ৰদেশ ১৮.৩ শতাংশ, কৰ্ণাটক ১৮.৩ শতাংশ, মিজোৰাম ১৭.৪ শতাংশ, মেঘালয় ১৭.৪ শতাংশ, গুজৰাট ১৬.৯ শতাংশ, মধ্যপ্ৰদেশ ১৬.৮ শতাংশ,লাডাখ ১৬.২ শতাংশ, অন্ধ্ৰ প্ৰদেশ ১৫.৫ শতাংশ, ছট্টিশগড় ১৫.৩ শতাংশ, উৰিষ্যা ১৫.০ শতাংশ। তেলেংগানা ১৩.২ শতাংশ, জম্মু আৰু কাশ্মীৰ ১২.৯ শতাংশ,ডাডৰা নগৰ হাভেলি আৰু দমন-ডিউ (প্ৰত্যেক খনৰ ১২.৫ শতাংশ), নগালেণ্ড ১২.১ শতাংশ, মহাৰাষ্ট্ৰ ১১.৫ শতাংশ, ত্ৰিপুৰা ১১.৩ শতাংশ।
নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি, ভাৰতত মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ৪.৬ শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হয়। আনহাতে ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ দৰে দেশসমূহে শিক্ষাখণ্ডত ইয়াতকৈ বহু অধিক ধন ব্যয় কৰে বুলি প্ৰতিবেদনত কোৱা হৈছে।
লগতে পঢ়কঃ নগাঁৱত নৱম-একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম

