নগাঁও: সমগ্ৰ দেশৰ লগতে অসমতো পুৰুষৰ সমানে মহিলা ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হৈ পৰিছে যুৱতী সকল। অসম ক্রিকেট সন্থাই ক্রিকেটক অধিক জনপ্ৰিয় কৰি তুলিবলৈ প্ৰিমিয়াৰ লীগ আয়োজন কৰি চমক দিছে যদিও এখন উন্নত মানৰ খেল পথাৰৰ অভাৱ মহিলা ক্রিকেট খেলুৱৈৰ বাবে ।


উল্লেখ্য যে  হোজাইত উন্নত মানৰ ক্ৰিকেট খেল পথাৰ  নথকাৰ বাবে বঢ়মপুৰলৈ আহি ক্ৰিকেটৰ অনুশীলন চলাবলগীয়া হৈছে হোজাইৰ লগতে কেইবাখনো জিলাৰ উদীয়মান যুৱতী ক্ৰিকেটাৰে।আগন্তুক দিনত হাইলাকান্দিত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব ৰ T20 ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণৰ প্ৰস্তুতি হিচাপে বঢ়মপুৰ ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰত কঠোৰ অনুশীলন চলাইছে উদীয়মান যুৱতী ক্ৰিকেটাৰসকলে।বঢ়মপুৰ ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰখন উন্নত মানৰ বুলি উল্লেখ কৰি খেলুৱৈসকলে সন্তুষ্টি প্ৰকাশ কৰে।তেওঁলোকৰ মতে, ভাল খেলপথাৰত নিয়মীয়াকৈ অনুশীলন কৰাৰ সুযোগ লাভ কৰিলে খেলৰ মান উন্নত কৰাৰ লগতে নিজৰ প্ৰতিভা বিকাশ কৰাটোও সহজ হয়।


কেৱল খেলুৱৈসকলেই নহয়, মহিলা ক্ৰিকেটাৰসকলৰ প্ৰশিক্ষকগৰাকীয়েও বঢ়মপুৰৰ খেলপথাৰখনৰ প্ৰশংসা কৰে।প্ৰশিক্ষক গৰাকীয়ে উল্লেখ কৰে বাৰিষাৰ সময়ত অসমৰ বহু খেলপথাৰ খেলৰ অনুপযোগী হৈ পৰাৰ ফলত প্ৰায় তিনি-চাৰি মাহ ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হয় খেলুৱৈসকল।ফলত প্ৰতিভাৱান খেলুৱৈসকলৰ অনুশীলনত ব্যাঘাত জন্মে।এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম ক্ৰিকেট এছ'চিয়েচনক অসমৰ বিভিন্ন প্ৰান্তত উন্নত মানৰ ক্ৰিকেট খেলপথাৰ,অনুশীলন কেন্দ্ৰ অথবা প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে আহ্বান জনায় যুৱতীসকলৰ প্ৰশিক্ষকগৰাকীয়ে।


উল্লেখ্য যে এই উদীয়মান মহিলা ক্ৰিকেটাৰসকলৰ লক্ষ্য অৱশ্যে ইয়াতে সীমাবদ্ধ নহয়।ভৱিষ্যতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলি দেশক প্ৰতিনিধিত্ব কৰাই তেওঁলোকৰ সপোন।সেই সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম আৰু নিয়মীয়া অনুশীলন অব্যাহত ৰাখিছে যুৱতীসকলে।