ৰাজনৈতিক ডেস্ক: প্ৰদ্যুৎ বৰদলৈয়ে এৰি যোৱা নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে বিৰোধী কংগ্ৰেছ। বৃহস্পতিবাৰে নগাঁৱৰ ধিঙত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ৰণডংকা বজালে কংগ্ৰেছে। বিগত কিছুদিন ধৰি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ধুবুৰীৰ সাংসদ ৰকিবুল হৈছেনে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাজহুৱা সভা অনুষ্ঠিত কৰি নিৰ্বাচনী ৰণডংকা বজালে কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৰাজহুৱা সভাত প্ৰায় প্ৰতিগৰাকী নেতাৰ টাৰ্গেট হৈ পৰিছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। যেন দেৱাশীষ শৰ্মাৰ ভূতে খেদিছে কংগ্ৰেছক। পূৰ্বে মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে জিলাবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত নগাঁৱতো জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰাই নিজৰ কৰ্মদক্ষতা আৰু জনসম্পৰ্ক ৰক্ষা কৰাৰ বাবেই দুয়োখন জিলাতে জনপ্ৰিয় হৈ পৰা দেৱাশীষ শৰ্মাৰ নাম চৰ্চা চলিছে বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যশী হিচাপে। অৱশ্যে এই পৰ্যন্ত দলীয় প্ৰাৰ্থিত্ব বিচাৰি কোনো আনুষ্ঠানিক আবেদন জনোৱা নাই নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। যাৰ বাবে এতিয়াও নগাঁৱৰ জিলা আয়ুক্তৰ দায়িত্বত আছে দেৱাশীষ শৰ্মা। কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে, হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ বাবে প্ৰিয় হৈ পৰা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে চৰ্চালৈ অহাৰ পাচতেই যেন শংকিত হৈ পৰিছে বিৰোধী কংগ্ৰেছ শিবিৰ।
বিগত কেইদিন ধৰি চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ পৰা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ো লক্ষ্য কৰি লৈছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক। এক প্ৰকাৰ দেৱাশীষ শৰ্মাৰ ভূতে যেন লগে এৰা নাই তানজিল ৰকিবুল অথবা গৌৰৱ গগৈক।
বৃহস্পতিবাৰে নগাঁৱৰ ধিঙত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৰাজহুৱা সভাতো কেৱল দেৱাশীষ শৰ্মাৰ সমালোচনাতে ব্যস্তত থাকিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই এগৰাকী দক্ষ তথা মানৱ দৰদী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰা সাংসদ ৰখিবুল হুছেইনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈযো সন্মুখীন হৈছে বিভিন্নজনৰ সমালোচনাৰ।
সাংসদ ৰখিবুল হুছেইনৰ লগতে গৌৰৱ গগৈয়ে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক লক্ষ্য কৰি লোৱাৰ পাছতেই সচেতন মহলত উত্থাপন হৈছে নানা প্ৰশ্নৰ। সঁচাকৈয়ে দেৱাশীষ শৰ্মাক লৈ শংকিত হৈ পৰিছে নেকি কংগ্ৰেছ মহল ? প্ৰশ্ন এই বুলিও উত্থাপন হৈছে যে, দেৱাশীষ শৰ্মাৰ ভূতে এতিয়া খেদি ফুৰিছে নেকি ৰকিবুল হুছেইন , গৌৰৱ গগৈক?