নগাঁও, ২৭ ছেপ্টেম্বৰ: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা আৰু জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে নগাঁও জিলা প্ৰশাসনে এক বিশেষ পদক্ষপ গ্ৰহণ কৰিছে।


ইয়াৰ অংশস্বৰূপে, জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত মাইকিং ব্যৱস্থাৰ জৰিয়তে ৰাইজৰ মাজত বিশেষ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হৈছে। জনসংযোগ বিভাগৰ জৰিয়তে দিনে-নিশাই চলোৱা এই অভিযানত শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিব বিচৰা অসামাজিক আৰু অপ্ৰীতিংকৰ উপাদানসমূহক কঠোৰ সকীয়ানি প্ৰদান কৰা হৈছে। জিলা প্ৰশাসনে সাধাৰণ ৰাইজক কোনো সন্দেহজনক কাৰ্যকলাপ বা শৃংখলাভংগৰ খবৰ লাভ কৰিলে লগে লগে সংশ্লিষ্ট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অথবা নিকটৱৰ্তী আৰক্ষী থানাত অৱগত কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে। 


ইফালে আৰক্ষী বাহিনীৰ তৰফৰ পৰাও তেনে অঞ্চলসমূহত ব্যাপক পৰিচালনাৰে এফালে সমাজৰ অশুভ শক্তিসমূহক সকীয়াই দিয়াৰ সমান্তৰালকৈ ৰাইজৰ মাজত আস্থা আৰু বিশ্বাস গঢ়ি তোলাৰ প্ৰয়াস চলোৱা দেখা গৈছে। নিশাৰ ভাগত আৰক্ষীৰ তহলদাৰী বৃদ্ধি কৰা হৈছে। 


মুঠৰ ওপৰত শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা সম্ভৱপৰ সকলো ব্যৱস্থা হাতত লোৱা হৈছে।