নগাঁও: ০৯ নং নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচন সম্পূৰ্ণ নিৰপেক্ষ, স্বচ্ছ আৰু শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত সকলো অসামৰিক আৰু আৰক্ষী, আঞ্চলিক বিষয়া (জ'নেল) আৰু খণ্ড বিষয়া (ছেক্টৰ) সকলৰ এখন যৌথ সভা আজি অনুষ্ঠিত কৰা হয়। নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ যৌথ সমন্বয় সভাখনত সভাপতিত্ব কৰি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আৰণ্যক শইকীয়াই কয় যে, আৰক্ষী আৰু অসামৰিক বিষয়াৰ সুন্দৰ সমন্বয়তহে এটা নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰা যায়। সেয়ে তেওঁ উভয় ক্ষেত্ৰৰ জোনেল আৰু ছেক্টৰ বিষয়াসকলক নিয়মীয়া আৰু কাৰ্যকৰীভাবে পাৰস্পৰিক যোগাযোগ স্থাপনৰ পৰামৰ্শ দিয়ে।
তেওঁ স্পষ্ট কৰি দিয়ে যে গণতন্ত্ৰৰ এই উৎসৱক সফল কৰি তুলিবলৈ অসামৰিক আৰু আৰক্ষী বাহিনীৰ মাজত সুদৃঢ় ক্ষেত্ৰভিত্তিক সমন্বয় থকাটো একান্ত অপৰিহাৰ্য। জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিজ নিজ এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰি পৰিস্থিতিৰ তদাৰক কৰিবলৈ আৰু সম্ভাৱ্য সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰি সমাধানৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীয়ে জিলাখনৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতি সুৰক্ষিত ৰখাৰ বাবে গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। সংবেদনশীল ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিশেষ নজৰ ৰখা, নিৰাপত্তা বাহিনীৰ তহল বৃদ্ধি কৰা আৰু সকলো ধৰণৰ সমাজবিৰোধী কাৰ্যকলাপ ৰোধ কৰিবলৈ আৰক্ষী বিষয়াসকলক অতি সজাগ হৈ থাকিবলৈ আহ্বান জনায়। সভাত বিশেষভাৱে গুৰুত্ব দিয়া হয় এটা সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ ওপৰত, যাতে প্ৰত্যেকগৰাকী ভোটাৰে কোনো ধৰণৰ ভয়-ভীতি বা বাধা নোহোৱাকৈ নিজৰ সাংবিধানিক ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে।
সভাখনত নিৰ্বাচনী প্ৰক্ৰিয়াটো যাতে শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিব পৰা যায়, তাৰ ওপৰত সভাত বিষদভাৱে আলোচনা কৰা হয়। সভাত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ, নিৰ্বাচন বিষয়া প্ৰতিশা দত্ত আদিও উপস্থত থাকে৷