Illegal Parking Crackdown in Nagaon: Wheel Locks Enforced on Illegally Parked Vehiclesজিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত অবৈধ পাৰ্কিং কৰা বহু বাহনত লাগিল তলা

নগাঁও: নগাঁও চহৰৰ যান-জঁটৰ সমস্যা তথা ৰাষ্ট্ৰীয় ঘাই পথতো যধে-মধে আৰু অবৈধভাৱে যান-বাহন পাৰ্কিং কৰাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ নগাঁও জিলা প্ৰশাসনে এতিয়াৰে পৰা তেনে গাড়ীৰ চকাত তলা লগোৱাৰ ব্যৱস্থা কৰিছে (Illegal Parking Crackdown in Nagaon)। জনসাধাৰণৰ যাতায়তৰ ব্যাঘাত দূৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত বিশেষ নিৰ্দেশ মৰ্মে আজিৰে পৰা চহৰখনত এই বিশেষ পদক্ষেপ হাতত লোৱা হৈছে।

বুধবাৰৰ পৰা চহৰৰ বিভিন্ন স্থানত অবৈধভাৱে আৰু অসুবিধাজনক ভাবে ৰখাই থোৱা কেবাখনো গাড়ী তথা বাইকতো যানবাহন আৰক্ষীয়ে হুইল লক লগাই থোৱাত অবৈধ পাৰ্কিংত অভ্যস্ত সকলৰ মাজত একপ্ৰকাৰ হাহাকাৰৰ সৃষ্টি হয়। পিছত গাড়ীৰ গৰাকীয়ে বহু পৰিমানৰ জৰিমনা ভৰিব লগীয়া হয়। এই ব্যৱস্থাই চহৰখনৰ যানজঁটৰ সমস্যাটো কিছু উপশম ঘটাব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে এই উদ্দেশ্যে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পংকজ ভূঞাৰ উপস্থিতিত নগাঁও যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক জিতেন কুমাৰ দত্তক আনুষ্ঠানিকভাৱে ‘হুইল টায়াৰ লক ক্লেম’ প্ৰদান কৰি এই বিশেষ পদক্ষেপৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, চহৰখনৰ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা অধিক সুচাৰুৰূপে পৰিচালনা কৰা আৰু পথ সুৰক্ষা কটকটীয়া কৰাৰ লক্ষ্যৰেই প্ৰশাসনৰ তৰফৰ পৰা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।

জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা প্ৰদান কৰা এই টায়াৰ লক ক্লেমৰ জৰিয়তে এতিয়াৰে পৰা নগাঁও চহৰৰ লগতে চাৰিলেনযুক্ত নগাঁও বাইপাছত ট্ৰাক বা যিকোনো ধৰণৰ যান-বাহন অবৈধভাৱে পাৰ্কিং কৰিলে ‘চকাত তলা’ লগাই দিয়া হ’ব আৰু নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ চালান কাটি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জিলা আয়ুক্ত‌ই সমগ্ৰ নগাঁওবাসীক নিয়ম মানি চলিবলৈ আৰু চহৰখন যান-জঁটমুক্ত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।

ইপিনে, যান জঁট নিয়ন্ত্ৰণৰ লগতে দুৰঘটনা ৰোধ কৰাৰ উদ্যেশ্যে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে নগঞা ৰাইজে।

লগতে পঢ়কঃ ভুল পাৰ্কিৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলা প্ৰশাসন


Advertisement