নগাঁও: নগাঁও চহৰৰ যান-জঁটৰ সমস্যা তথা ৰাষ্ট্ৰীয় ঘাই পথতো যধে-মধে আৰু অবৈধভাৱে যান-বাহন পাৰ্কিং কৰাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ নগাঁও জিলা প্ৰশাসনে এতিয়াৰে পৰা তেনে গাড়ীৰ চকাত তলা লগোৱাৰ ব্যৱস্থা কৰিছে (Illegal Parking Nagaon)। জনসাধাৰণৰ যাতায়তৰ ব্যাঘাত দূৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত বিশেষ নিৰ্দেশ মৰ্মে মঙলবাৰৰ পৰা চহৰখনত এই বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। এই উদ্দেশ্যে আজি আয়ুক্ত কাৰ্যালয়ৰ কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পংকজ ভূঞাৰ উপস্থিতিত নগাঁও যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক জিতেন কুমাৰ দত্তক আনুষ্ঠানিকভাৱে ‘হুইল টায়াৰ লক ক্লেম’ প্ৰদান কৰে।
চহৰখনৰ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা অধিক সুচাৰুৰূপে পৰিচালনা কৰা আৰু পথ সুৰক্ষা কটকটীয়া কৰাৰ লক্ষ্যৰেই প্ৰশাসনৰ তৰফৰ পৰা এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা প্ৰদান কৰা এই টায়াৰ লক ক্লেমৰ জৰিয়তে এতিয়াৰে পৰা নগাঁও চহৰৰ লগতে চাৰিলেনযুক্ত নগাঁও বাইপাছত ট্ৰাক বা যিকোনো ধৰণৰ যান-বাহন অবৈধভাৱে পাৰ্কিং কৰিলে ‘চকাত তলা’ লগাই দিয়া হ’ব আৰু নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ চালান কাটি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জিলা আয়ুক্তই সমগ্ৰ নগাঁওবাসীক নিয়ম মানি চলিবলৈ আৰু চহৰখন যান-জঁটমুক্ত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
লগতে পঢ়কঃ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ নগাঁও জিলা প্ৰশাসন

