নগাঁওঃ বিগত এটা মাহত পঁয়ত্ৰিশটাকৈ দুৰ্ঘটনা সংঘটিত হোৱা নগাঁৱত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন (Road Safety Drive in Nagaon)। দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যেই যান বাহন আইনক লৈ কঠোৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন। বিগত এটা মাহত সংঘটিত হোৱা ৩৫ টাকৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ২২ জনকৈ লোকে। তাৰ পাছতেই দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অধিক তৎপৰ হৈ পৰে নগাঁও জিলা প্ৰশাসন। পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যেই ইতিমধ্যেই নগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নগাঁও জিলা প্ৰশাসনৰ মুৰববী তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। নগাঁও জিলা পৰিবহণ বিভাগ আৰু নগাঁও আৰক্ষীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
আনকি, যান বাহন আইনক লৈ কঠোৰ হোৱাৰো নিৰ্দ্দেশ দিয়ে নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে। যান বাহন আইনক লৈ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কঠোৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই অধিক তৎপৰ হৈ পৰে নগাঁও আৰক্ষীৰ যান বাহন শাখা। যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযানত নামি পৰিছে নগাঁও আৰক্ষীৰ যান বাহন শাখা। বিশেষকৈ হেলমেট পৰিধান নকৰা বাইক চালক আনকি পাৰ্কিঙৰ ক্ষেত্ৰতো কঠোৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন। এতিয়াৰ পৰা নগাঁও জিলাৰ যিকোনো স্থানত বাহন পার্কিং কৰোঁতে সাৱধান হওক আপুনিও, নহ’লে আপুনিও পৰিব পাৰে বিপদত। নগাঁও চহৰত ডাবল পাৰ্কিং, নগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ পাৰ্কিঙৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। জিলা প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰিলেই পাঁচ হাজাৰৰ পৰা দহ হাজাৰ টকা পৰ্যন্ত ভৰিব লাগিব পাৰে জৰিমনা। এই ক্ষেত্ৰত কোনো এগৰাকী লোককে ৰেহাই দিয়া নহ’ব বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। এই ক্ষেত্ৰত নগঞা ৰাইজৰ সহযোগিতা কামনা কৰিছে দক্ষ প্ৰশাসনিক বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
উল্লেখযোগ্য যে, পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও জিলা প্ৰশাসনে যান বাহন আইনক লৈ গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ শলাগ লৈছে নগাঁৱৰ সচেতন মহলে।
লগতে পঢ়কঃ বেবেজীয়া-দক্ষিণপাট-বৰক’লা সংযোগী পথৰ বিধস্ত ৰূপ

