Week-long Janbhagidari Abhiyan Begins in Nagaon Districtনগাঁও জিলাতো আৰম্ভ সপ্তাহজোৰা 'জনভাগিদাৰী' অভিযান

নগাঁও: দেশৰ ভিতৰুৱা অঞ্চলৰ পিছপৰা জনজাতীয় লোকসকলো সকলো চৰকাৰী আচঁনিৰ সুবিধা অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰি আগুৱাই নিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰূপায়নৰ কৰা “জনভাগিদাৰী-সবছে দূৰ, সবছে পেহলে” শীৰ্ষক কাৰ্যসূচীৰ নগাঁও জিলাতো আজিৰে পৰা আৰম্ভ হৈছে। জিলাখনৰ বিভিন্ন জনজাতীয় বসতিপ্ৰধান গাঁৱত কালিৰে পৰা আৰম্ভ হৈছে “জনজাতি উৎসৱ ২০২৬” শীৰ্ষক এই বিশেষ কাৰ্যসূচী (Janbhagidari Abhiyan)। বগৰীগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুটলজাৰৰ গাওঁ পঞ্চায়তৰ সৰপাৰা বনগাঁওৰ বগৰিআটি সাংস্কৃতিক ভৱনত এই উপলক্ষে মঙলবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

ইয়াত প্ৰায়বোৰ উন্নয়নী বিভাগৰ তৰফৰ আঁচনি সমূহৰ বিষয়ে বিতংকৈ অবগত কৰাৰ লগতে উপযুক্ত হিতাধিকাৰীক ঠাইতে এই আঁচনিৰ সুবিধা প্ৰদানৰো ব্যৱস্থা কৰা হয়। একেদৰে ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহতো অনুষ্ঠিত হোৱা অনুৰূপ কাৰ্যসূচীত ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জিলাখনৰ অসামৰিক যোগান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশুপালন, শিক্ষা আদি বিভিন্ন বিভাগৰ বিষয়া উপস্থিত থাকি প্ৰতিটো বিভাগৰ আঁচনি সমূহৰ সুবিধা কিদৰে গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বুজাই কোৱাৰ লগতে ঠাইতে এই সম্পৰ্কীয় সেৱাৰ সুবিধা প্ৰদানৰো ব্যৱস্থা কৰা হয়।

এই অনুষ্ঠানৰ জৰিয়তে বহুতো লোক উপকৃত হয়। স্থানীয় ৰাইজে জনোৱা মতে, জল জীৱন আচনিৰ জৰিয়তে শুদ্ধ খোৱাপানীৰ সুবিধা, শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়া কিতাপ আৰু খাদ্য, কৃষি আৰু স্বাস্থ্য খণ্ডত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক পদক্ষেপৰ সুবিধা তেওঁলোকে লাভ কৰিছে। তথাপি প্ৰতি মাহে স্বাস্থ্য, শিক্ষা, কৃষি আৰু জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল গাঁওসমূহত উপস্থিত হৈ জনসাধাৰণৰ অভাৱ-অভিযোগ শুনি সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰো পৰামৰ্শ আগবঢ়ায়।

ৰাইজৰ এই আবেদন আৰু অভিযোগক সন্মান জনাই চৰকাৰী বিভাগৰ পৰা অহা বিষয়াসকলে গাঁৱলৈ গৈ লোকসকলৰ সমস্যা আৰু অসুবিধাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। অহা ২৫ মে’ লৈ চলিব লগীয়া সপ্তাহজোৰা এই কাৰ্যসূচীৰ সঠিক আৰু কাৰ্যকৰী ৰূপায়নৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে কালি সন্ধিয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ জিলা নোডেল বিষয়া তথা সহকাৰী আয়ুক্ত প্ৰিয়ঙ্কা কাশ্যপৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে।

এই বিশেষ অভিযানৰ অধীনত জিলাখনত জনজাতীয় লোকসকলৰ মাজত চৰকাৰী বিভিন্ন কল্যাণমূলক আঁচনিৰ সন্দৰ্ভত ব্যাপক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে তেওঁলোকক ঠাইতে কিদৰে আঁচনি সমূহৰ সুবিধা প্ৰদান কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হয়।

এই উদ্দেশ্যে সৰ্বাংগীন সুবিধা প্ৰদান শিবিৰ আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। ইয়াৰ এই অভিযান কালত গ্ৰামাঞ্চলৰ ৰাইজৰ ওজৰ-আপত্তিৰ দ্ৰুত নিষ্পত্তি তথা ক্ষীপ্ৰ সমাধানৰ উদ্দেশ্যে “জন শুনানি” আদি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী সক্ৰিয়ভাৱে ৰূপায়ন কৰা হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

লগতে পঢ়কঃ গুৰুজনাৰ আদৰ্শৰে কাম কৰিব চৰকাৰেঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


Advertisement