নগাঁওঃ দেওবাৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই নগাঁও জিলা পুথিভঁৰালত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে (Koch Rajbongshi Student Felicitation Nagaon)।
বীৰ চিলাৰায় আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা হয় সম্বৰ্ধনা অনুষ্ঠান। নগাঁও জিলাৰ কোচ ৰাজবংশী দুই শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানত। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপস্থিত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত কয়, “মধ্য অসম কোচৰাজবংশী ছাত্ৰ সন্থা লগতে নগাঁও জিলা কোচৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো উচ্চ আৰু উচ্চতৰ মাধ্যমিকত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে আয়োজন কৰা অনুষঠানত উপস্থিত থাকি আপ্লুত হৈছোঁ। লগতে অনুষ্ঠানতোৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ।”
সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক কনক হাজৰিকা, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ লগতে সন্থাৰ কেইবাগৰাকীও ব্যক্তি।
লগতে পঢ়কঃ নগাঁও জিলাৰ ২.৮২ লাখ শিশুক প’লিঅ’ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে প’লিঅ’ দেওবাৰ

