Pulse Polio Campaign Nagaon Targets 2.82 Lakh Children for Vaccinationনগাঁও জিলাৰ ২.৮২ লাখ শিশুক প'লিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে প'লিঅ' দেওবাৰ

নগাঁও: অহা ২৮ জুনত সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো প’লিঅ’ দিৱস ৰূপে উদযাপন কৰা হ’ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ডৰ উপৰি অধিক জনসমাগম হোৱা স্থান সমূহত অস্থায়ী প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰি প’লিঅ’প্ৰতিষেধক প্ৰদান কৰা হ’ব (Pulse Polio Campaign Nagaon)। আজি নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত এই কথা প্ৰকাশ কৰা হয়।

এইবাৰ জিলাখনৰ ২,৮২, ৮৪৮ টি পাচঁ বছৰৰ অনুৰ্দ্ধৰ শিশুক দুটোপাল প’লিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকাই জনোৱা মতে, ১৯৯৫ চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত ২০১৪ চনতে সম্পূৰ্ণ প’লিঅ’ মুক্ত হৈছে যদিও, চুবুৰীয়া পাকিস্তান, আফগানিস্তান আদি দেশ এতিয়াও প’লিঅ’ মুক্ত হ’ব নোৱাৰা বাবেই এইবেলি ভাৰতবৰ্ষতো একেলগে প’লিঅ’ প্ৰতিষেধক ল’ব লগীয়া হৈছে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পূৰ্বে প’লিঅ’ প্ৰতিষেধক লোৱা-নোলোৱা সকলো পাঁচ বছৰৰ অনুৰ্দ্ধৰ শিশুক সেই দিনা মুক্ত মনেৰে প্ৰতিষেধক প্ৰদান কৰিবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে। তেওঁ কয় যে, ইয়াৰ দ্বাৰা প্ৰত্যেকে নিজে চিন্তা মুক্ত হোৱাৰ লগতে সমগ্ৰ বিশ্বকে প’লিঅ’ মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে সদ্যহতে ১৪ বছৰীয়া কিশোৰী সকলক বিনামূলীয়াকৈ প্ৰদান কৰি থকা এইছপিভি টিকা নিশ্চিন্তে গ্ৰহণ কৰিবলৈকো আহ্বান জনাইছে। অৱশ্যে কোনোৱে সেইদিনা নললে পিছৰ দুদিনত ঘৰে ঘৰে গৈ স্বাস্থ্য কৰ্মীয়ে প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

সভাত অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মাৰ উপৰি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, নগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, সকলো স্বাস্থ্য খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়াসকল, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, নগাঁও পৌৰসভাৰ কাৰ্যবাহীসমাজ কল্যাণ বিভাগ পশুপালন বিভাগৰ বিষয়া আদিও উপস্থিত থাকে।

লগতে পঢ়কঃ ধঁপাতমুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে অভিযান জিলা প্ৰশাসনৰ


Advertisement