Tobacco Free Nagaon Drive Intensifies Across Educational Institutions in Nagaonধঁপাতমুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে অভিযান জিলা প্ৰশাসনৰ

নগাঁওঃ জনসাধাৰণৰ সুস্থ, সজীৱ স্বাস্থ্য আৰু ধঁপাতমুক্ত নগাঁও জিলা গঢ়ি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ সহযোগত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে ধঁপাতবিৰোধী আভিযান (Tobacco Free Nagaon Drive)। জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত ধঁপাত বিৰোধী অভিযানৰ অংশস্বৰূপে চলোৱা অভিযানত শিক্ষানুষ্ঠানসমূহৰ আশে-পাশে অৱস্থিত বিপনীসমূহত তালাচী চলোৱা হয়।

নগাঁও এডিপি কলেজ, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, নগাঁও মেডিকেল কলেজ, ননৈ উচ্চ মাধ্যমিক বিদ্যালয়, ননৈ কলেজ আৰু ৰাঙলু হাইস্কুলৰ কাষত থকা বিপনীসমূহত এই অভিযান চলোৱা হয়। অভিযানৰ সময়ত কেইবাখনো বিপনীত তালাচী চলাই উদ্ধাৰ কৰা হয় ধঁপাত জাতীয় বিভিন্ন সামগ্ৰী।

জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনা আৰু বিধি উলংঘা কৰাৰ বাবে COTPA আইন, ২০০৩ৰ অধীনত প্ৰত্যেক উলংঘাকাৰীৰ বিৰুদ্ধে নিৰ্দিষ্ট জৰিমনা বিহা হয়।

নগাঁও জিলাৰ সহকাৰী আয়ুক্ত প্ৰিয়াংকা কাশ্যপৰ নেতৃত্বত চলোৱা ধঁপাত বিৰোধী অভিযানত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল বিষয়া ডাঃ স্মিতাকচি ফুকন, জিলা স্বাস্থ্য মিচনৰ জিলা আঁচনি প্ৰবন্ধক অৰ্ণিবান বৰঠাকুৰ, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ কনচাল্টেন্ট পাৰ্থ প্ৰতিম সেনাপতি, স্বাস্থ্য কৰ্মী দীপুমনি মেধী আৰু বিদ্যুৎ বৰুৱা, যুটীয়া স্বাস্থ্য সন্ঞালক কাৰ্যালয়ৰ সহায়ক কৰ্মীসকলৰ উপৰিও নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক সঞ্জীৱ টেৰং, উপ পৰিদৰ্শক দীপ কুমাৰ,ৰাঙলু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিনচিং টেৰং আৰু অন্যান্য আৰক্ষী সদস্যসকলে সহযোগিতা আগবঢ়ায়।

এই অভিযানে স্পষ্ট বাৰ্তা দিছে যে, নগাঁও জিলাত ধঁপাতৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হৈছে। বিশেষকৈ শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত ধঁপাত বিক্ৰী আৰু সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি যুৱ প্ৰজন্মক সুৰক্ষিত কৰাৰ দিশত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।

এনে অভিযান অনাগত দিনবোৰতো অধিক তীব্ৰতাৰে চলোৱা হ’ব বুলি সংশ্লিষ্ট বিষয়াসকলে জানিবলৈ দিছে। ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ এই যাত্ৰাত জনসাধাৰণৰো সক্ৰিয় সহযোগিতা কামনা কৰিছে নগাঁও জিলা প্ৰশাসনে।

লগতে পঢ়কঃ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত অবৈধ পাৰ্কিং কৰা বহু বাহনত লাগিল তলা


Advertisement