Nagaon De-Addiction Centre Raid: Three De-Addiction Centres Sealed in Nagaonনগাঁৱত প্ৰশাসনৰ অভিযানঃ ছীল কৰা হ’ল ‘প্ৰেচিয়াচ’ নিচা মুক্তি কেন্দ্ৰ

নগাঁওঃ নগাঁও চহৰৰ মধ্য শিয়ালমাৰি অঞ্চলত অৱস্থিত ‘প্ৰেচিয়াচ’ নামৰ এটা নিচা মুক্তি কেন্দ্ৰত জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ আৰু দণ্ডাধীশৰ উপস্থিতিত চলোৱা এক যৌথ অভিযানত কেন্দ্ৰটো ছীল কৰি দিয়া হয়। আজি চলোৱা এই অভিযানত কেন্দ্ৰটোৰ পৰিচালনাৰ ক্ষেত্ৰত একাধিক অনিয়ম ধৰা পৰাৰ অভিযোগ উত্থাপিত হৈছে (Nagaon De-Addiction Centre Raid)।
জানিব পৰা মতে, চৰকাৰী নথি-পত্ৰ আৰু নিয়ম অনুসৰি কেন্দ্ৰটোত সৰ্বাধিক ১৬ জন ৰোগী থকাৰ অনুমতি আছিল। কিন্তু অভিযানকাৰী দলটোৱে পৰিদৰ্শনৰ সময়ত কেন্দ্ৰটোত মুঠ ২৭ জন ৰোগী থকাৰ তথ্য লাভ কৰে।

অভিযান চলোৱাৰ সময়ত সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে কেন্দ্ৰটোৰ বিভিন্ন নথি-পত্ৰ, পৰিচালন ব্যৱস্থা আৰু ৰোগীসকলৰ যত্ন-সুবিধাৰ দিশসমূহ পৰীক্ষা কৰে। পৰীক্ষাৰ সময়ত এখন স্বীকৃত নিচা মুক্তি কেন্দ্ৰত বাধ্যতামূলকভাৱে থাকিবলগীয়া বহু গুৰুত্বপূৰ্ণ নথি, তথ্য আৰু সুবিধাৰ অভাৱ ধৰা পৰে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও কেন্দ্ৰটোৰ কাৰ্যপদ্ধতি আৰু পৰিচালনাৰ ক্ষেত্ৰতো কেইবাটাও বিসংগতি পোৱা যায় বুলি অভিযোগ উঠিছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, কেন্দ্ৰটোৱে প্ৰচলিত নিয়ম-নীতি আৰু নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলাত ব্যৰ্থ হোৱাৰ বাবেই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হয়। দণ্ডাধীশৰ উপস্থিতিত সম্পন্ন হোৱা এই অভিযানৰ অন্তত কেন্দ্ৰটোৰ কাৰ্যকলাপ স্থগিত ৰাখি ছীল কৰি দিয়া হয়।
অভিযানৰ সময়ত কেন্দ্ৰটোত থকা ৰোগীসকলৰ সুৰক্ষা আৰু চিকিৎসাজনিত ব্যৱস্থাৰ বিষয়েও প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰে। সংশ্লিষ্ট বিভাগসমূহে ৰোগীসকলক উপযুক্ত বিকল্প ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
ইফালে, নগাঁও জিলাত চলি থকা বিভিন্ন ব্যক্তিগত নিচা মুক্তি কেন্দ্ৰসমূহৰ ওপৰত অধিক কটকটীয়া দৃষ্টি ৰখা হ’ব বুলি প্ৰশাসনৰ ফালৰ পৰা ইঙ্গিত দিয়া হৈছে। নিয়ম-নীতি উলংঘা কৰা বা অনুমোদনবিহীনভাৱে চলি থকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আগন্তুক দিনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰশাসনিক মহলে স্পষ্ট কৰি দিছে।

উল্লেখ্য যে, নিচাসক্ত লোকসকলক সুস্থ জীৱনলৈ ঘূৰাই আনিবলৈ নিচা মুক্তি কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু এনে কেন্দ্ৰসমূহে যদি চৰকাৰী নিৰ্দেশনা, স্বাস্থ্যবিধি আৰু মানদণ্ড অনুসৰণ নকৰে, তেন্তে ৰোগীসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা থাকে। সেয়েহে, এই ধৰণৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়মীয়া পৰিদৰ্শন আৰু নজৰদাৰী অব্যাহত ৰাখিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে নগাঁও জিলা প্ৰশসানে অভিযান চলাই নগাঁৱৰ তিনিটাকৈ নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা অনিয়মৰ তথ্য লাভ কৰি তিনিওটা নিচামুক্তি কেন্দ্ৰ ছীল কৰি দিয়ে।

লগতে পঢ়কঃ অপৰাধীৰ আশ্ৰয়স্থল হৈ পৰিছে নেকি নগাঁৱৰ একাংশ হোটেল অথবা একাংশ ভাড়াঘৰ


Advertisement