Rongali Bihu 2026 Celebrated at Nagaon Girls College, Inaugurated by DC Devashish Sharmaনগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰঙালী বিহু অনুষ্ঠান উদ্বোধন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁও: ৰঙালী বিহুয়ে অসমৰ জাতীয় জীৱনক নতুন প্ৰেৰণা আৰু উদ্যমেৰে উৎসাহী কৰি তোলে। আজি নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয় (Nagaon Girls College Rongali Bihu 2026)। তেওঁ কয় যে, “এই প্ৰেৰণাৰেই আমি অধিক কৰ্মমুখী হোৱাৰ, নিজৰ সমাজ আৰু সংস্কৃতিৰ প্ৰতি অধিক দায়বদ্ধ হোৱাৰ বাবে সংকল্প লব লাগিব। তাৰ বাবে বহাগেই হৈছে উপযুক্ত বতৰ।”

নাৰী শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠানখনত আয়োজিত ‘আদৰৰ ৰঙালী ২০২৬’ অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকি জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক আৰু সাৰুৱা ভাষণেৰে উপস্থিত সকলোকে উৎসাহিত কৰে। কাৰ্যসূচীৰ অংশস্বৰূপে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে অতি সুন্দৰকৈ বিহু নাচ-গান পৰিবেশন কৰে। ইয়াৰ উপৰিও মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰীসকলে নিজ হাতে প্ৰস্তুত কৰা থলুৱা পিঠা-পনা প্ৰমুখ্যে বিহুৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰি অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতাৰ পৰিচয় দিয়ে।

অনুষ্ঠানত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাস প্ৰমুখ্যে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

লগতে পঢ়কঃ ডেৰ হাজাৰ নাচনীয়ে গঢ়িলে বিহু নাচৰ ৰেকৰ্ড


Advertisement