World No Tobacco Day Nagaon: DC Devashish Sharma Warns Against Gutkha and Tobacco Addictionনগাঁও জিলাতো পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস

নগাঁও: “এটা গোটখাৰ পেকেটৰ পৰাই আৰম্ভ হয় ড্ৰাগছৰ দৰে নিচাৰ। প্ৰথমে গোটখা খোৱা আৰম্ভ কৰা ল’ৰাজনে পৰৱৰ্তী সময়ত জৰ্দা পান, ভাং আৰি লাহে লাহে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰে। সেয়ে আমি আৰম্ভণিৰ পৰাই এইসমূহৰ পৰা নিজক আঁতৰাই ৰাখিব লাগিব।” বিশ্ব ধঁপাত বিৰোধী দিৱসত (World No Tobacco Day Nagaon) এইদৰে মন্তব্য কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

৩১ মে’ দেওবাৰে নগাঁও জিলাতো পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস। নগাঁও জিলা প্ৰশাসন আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগ দেওবাৰে নগাঁৱত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা এটি সজাগতা সমদল মুকলি কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

ধঁপাত বিৰোধী সজাগতা সমদল উদ্ধোধন কৰি দিয়া ভাষণত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, “ধঁপাতে আমাৰ সমাজখনত ব্যাপক ক্ষতি সাধন কৰিছে। গুটখাৰ পৰা আৰম্ভণি হৈ পিছত চিগাৰেট, ভাং আৰু শেষত গৈ বহুলোক ড্ৰাগছত আসক্ত হৈ পৰে। এনেদৰেই এখন সুন্দৰ সমাজ ধ্বংসৰ গৰাহলৈ আগবাঢ়ি যায়।”

ধঁপাতৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি ধঁপাতৰ ব্যৱহাৰ ৰোধ কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আয়ুক্ত গৰাকীয়ে অনুষ্ঠানত উপস্থিত সকলোকে ধপাত ব্যৱহাৰৰ পৰা নিজে বিৰত থকাৰ লগতে আনকো শান্তিপূৰ্ণ ভাৱে বুজনি দিয়াৰ বাবে শপতগ্ৰহণ কৰায়। জিলা আয়ুক্তগৰাকীয়ে নিজেও নগাঁও চহৰৰ মাজেৰে উলিওৱা সমদলৰ নেতৃত্ব লৈ আগবাঢ়ি যায়।

ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত সভাত জিলা ন্যায়িক সেৱা প্ৰাধিকৰণৰ সচিব জগৎ দাস, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ স্মিতাক্ষী ফুকন, নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত কুলপতি ধ্ৰুৱজ্যোতি বৰুৱা, তেজপুৰ কৰ্কটৰোগ কেন্দ্ৰৰ অধীক্ষক ডাঃ ডি জে বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে বহু কেইগৰাকী বক্তাই ধঁপাত ব্যৱহাৰৰ অপকাৰিতাৰ বিষয়ে ভাষণ দিয়ে।

স্মিতাক্ষী ফুকনে ধঁপাত সম্পৰ্কীয় আইনৰ বিভিন্ন দিশ বুজাই কোৱাৰ বিপৰীতে ডা: বৰাই কৰ্কটৰোগ সম্পৰ্কে পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে সুন্দৰ ব্যাখ্যা দাঙি ধৰে। সভাত এই দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়।

ইপিনে, নগাঁৱৰ চাপানলাত পাহাৰ বগাই হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ কেম্পত উপস্থিত হৈ নৱ-প্ৰজন্মৰ মাজ ধঁপাত বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

লগতে পঢ়কঃ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ নগাঁও জিলা প্ৰশাসন


Advertisement