নগাঁওঃ হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি অন্ত নোহোৱা হৈছে ব্যস্ততাৰ চৌদিশে কেৱল ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বহাগক আদৰাৰ প্ৰাকক্ষণত নগাঁৱৰ এখন অগ্ৰণী ইংৰাজী মাধ্যমৰ বিদ্যালয় খ্ৰীষ্টজ্যোতি হাইস্কুলত উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু (Rongali Bihu Celebration Nagaon)। সোমবাৰে নগাঁৱৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খ্ৰীষ্টজ্যোতি স্কুলত অনুষ্ঠিত হয় প্ৰাক ৰঙালী বিহু।
বিশাল আয়োজনেৰে নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত আয়োজন কৰা প্ৰাক ৰঙালী বিহু উপলক্ষে সোমবাৰে এক উখল মাখল পৰিৱেশ বিৰাজ কৰে নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত। বিদ্যালয়খনৰ প্ৰায় এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে বিহু গীত, বিহু নাচ। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰীৰ বিহু গীত, নাচত মুখৰিত হৈ পৰে নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুল চৌহদ। ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলৰ উপস্থিত অনুষ্ঠিত হোৱা প্ৰাক বিহুৰ অনুষ্ঠানে দৃষ্টি আকৰ্ষণ কৰে সমগ্ৰ নগাঁওবাসীৰ।

নগাঁও খ্ৰীষ্টজ্যোতি স্কুলত অনুষ্ঠিত হোৱা বিহুৰ অনুষ্ঠানত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অংশগ্ৰহণে অধিক আকৰ্ষণীয় কৰি তোলে বিহুৰ অনুষ্ঠান। নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বিহু নাচতো অংশগ্ৰহণ কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
ছাত্ৰ ছাত্ৰীৰ সৈতে বিহু নাচত অংশগ্ৰহণ কৰি বিহুগীত গোৱাৰ লগতে কঁকাল ঘূৰাই বিহু নাচিলে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ হুচৰী, মুকলি বিহু পৰিবেশন কৰি উপস্থিত শিক্ষক, অভিভাৱকক মুগ্ধ কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও ছাত্ৰ-ছাত্ৰীৰ সৈতে বিহু নাচত একেলগে অংশগ্ৰহণ কৰি অনুষ্ঠানক অধিক জীপাল কৰি তুলিলে।
নগাঁও খ্ৰীষ্টজ্যোতি হাইস্কুলত অনুষ্ঠিত হোৱা প্ৰাক ৰঙালী বিহুৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে নগঞা শিল্পী নয়নজ্যোতি শইকীয়া ওৰফে নয়ন অসম কলিয়াবৰীয়া।
লগতে পঢ়কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

