নগাঁওঃ “আপোনাৰ বিদ্যালয়ৰ কোনো শিক্ষক বিদ্যালয়লৈ নাহে দহ বজাৰ পূৰ্বে। বিদ্যালয়ত আহি শ্ৰেণীকোঠাৰ বাহিৰত চিগাৰেট হুপি থাকে শিক্ষকে। শৈক্ষিক পৰিৱেশেই নাই বিদ্যালয়খনত (HSLC Result Assam 2026)। যাৰ বাবে আজি মেট্ৰিকৰ ফালফল অতি শোচনীয় হ’ল বিদ্যালয়খনৰ। আপুনি কোনোদিনেই ব্যৱস্থা লোৱা নাই। আপুনি যদি ব্যৱস্থা ল’ব নোৱাৰে চাকৰি এৰি দিয়ক।”
এইদৰে নগাঁও জিলাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক জবাবদিহি কৰিলে অভিভাৱক, স্থানীয় ৰাইজে। বিদ্যালয়খন নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও পাব্লিক হাই স্কুল। বিদ্যালয়খনৰ শোচনীয় ফলফলক লৈ সোমবাৰে স্থানীয় ক্ষুব্ধ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।
বিদ্যালয়খনত ১৮ গৰাকীকৈ শিক্ষক থকা স্বত্বেও মাত্ৰ দুগৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪১ গৰাকী ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ন হোৱাক লৈ ক্ষুণ্ণ হৈ পৰে অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজ।
সদ্য ঘোহিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফলৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে সোমবাৰে বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়ত্ৰী সকলক জবাবদিহি কৰে।
এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা মুঠ ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু মাত্ৰ দুজন ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে বাকী ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই অনুত্তীৰ্ন হয় ।
যাৰ বাবে সোমবাৰে সুতাৰ গাঁও পাবিলিক হাই স্কুলৰ ১৮ গৰাকী শিক্ষক- শিক্ষয়ত্ৰী ৰাইজে জবাবদিহি কৰাৰ লগতে অতি সোনকালে বিদ্যালয়ৰ পৰা নিজে নিজে বদলি হৈ বেলেগ বিদ্যালয়লৈ আঁতৰি যাবলৈ দাবী জনাই।
স্থানীয় ৰাইজে অতি সোনকালে বিদ্যালয় খন পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা আয়ুক্তক দাবী জনাই।
লগতে পঢ়কঃ ছাত্ৰ ছাত্ৰীৰ সৈতে জিলা আয়ুক্তই বিহু নাচি ৰঙালী উদযাপন নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলত

