চিৰাংঃ চিৰাং জিলাৰ ৰুণিখাতত সংঘটিত হোৱা উত্তপ্ত পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সতৰ্ক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰুণিখাতৰ বন বিভাগৰ কাৰ্যালয়ত হিংসাত্মক ঘটনা সংঘটিত কৰা, অগ্নিসংযোগ কৰা আৰু নিৰাপত্তা ৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Runikhata Chirang Violence)।
আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি সদৰী কৰিছে। অৱশ্যে জ্যেষ্ঠ আৰক্ষী বিষয়া সকলে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি থকাৰ লগতে নিৰাপত্তাৰক্ষীও সতৰ্ক হৈ আছে।
আৰক্ষীৰ শীৰ্ষ বিষয়া সকলৰ মতে প্ৰতিবাদকাৰী সকলৰ লগত আলোচনা চলি আছে। সকলো পক্ষই যাতে ন্যায় লাভ কৰে সেই দিশটোৰ প্ৰতি দৃষ্টি দিয়া হৈছে।
উল্লেখযোগ্য যে ৰুণিখাত অঞ্চলত বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে বন বিভাগে চলোৱা উচ্ছেদ অভিযানৰ সময়ত ২৫ জন আদিবাসী লোকক আটক কৰিছিল। বনবিভাগৰ লোকে আদিবাসী মহিলাক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছিল। ইয়াৰ পিছতে অল আদিবাসী ষ্টুডেণ্টছ এছ’চিয়েচন (AASAA) আৰু অল সান্তাল ষ্টুডেণ্টছ ইউনিয়ন (ASSU)-ৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। পৰবৰ্তী সময়ত এই প্ৰতিবাদী কাৰ্যসূচীয়ে হিংসাত্মক ৰূপ লয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন কৰ্মচাৰীসকলে গুলী চলাই বুলি জানিব পৰা গৈছে।
স্থানীয় আদিবাসী লোকে অভিযোগ কৰা মতে
বন বিভাগে বহু কেইগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰিছে। তদুপৰি জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱা হৈছে। আদিবাসী লোকক আটক কৰিছে।
প্ৰতিবাদকাৰী সকলে লগতে কয়,“মহিলাসকলে আটক কৰা লোকসকলক মুক্তি দিয়াৰ দাবীত কাৰ্যালয়লৈ গৈছিল। তেওঁলোকক লাঠী আৰু বন্দুকৰে আক্ৰমণ কৰা হয়। আমাৰ মাটিৰ পট্টাও নাই আৰু একে মাটিত আন লোকেও বাস কৰি আছে।”
প্ৰতিবাদকাৰী সকলে কয় যে বহু আদিবাসী পৰিয়ালে গৰাখহনীয়াৰ লগতে ১৯৯৬ আৰু ১৯৯৮ চনৰ পূৰ্বৰ জাতিগত সংঘৰ্ষৰ বাবে নিজৰ মাটি হেৰুৱাইছিল। যাৰ ফলত তেওঁলোক বনভূমিত বসতি স্থাপন কৰিবলৈ বাধ্য হৈছিল।
প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লোৱা সংগঠনে দুটাই সমগ্ৰ বি টি আৰত আন্দোলন কৰাৰ কথা ঘোষণা কৰে।
লগতে পঢ়কঃ Karbi Anglong violence DGP Assam: কাৰ্বি আংলঙত দুই পক্ষৰ আক্ৰমণত আহত ৩৮ গৰাকী আৰক্ষী: মন্তব্য DGP ৰ

