PM Modi recalls Somnath visits ahead of Somnath Swabhiman Parv 2026সোমনাথ মন্দিৰ ভ্ৰমণৰ সময়ৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নতুন দিল্লী: অহা ১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰটোৰ সৈতে জড়িত তেওঁৰ অতীতৰ স্মৃতিসমূহ স্মৰণ কৰে (PM Modi Somnath Temple)। সামাজিক মাধ্যম ‘X’-ৰ এটা পোষ্টত তেওঁ উল্লেখ কৰে যে ইতিহাসৰ বিভিন্ন সময়ত শত্ৰুৰ আক্ৰমণৰ বলি হোৱা সত্ত্বেও সোমনাথ মন্দিৰে ভাৰতীয় সভ্যতা আৰু সাংস্কৃতিক ঐক্যক অধিক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১০২৬ চনৰ জানুৱাৰীত সোমনাথ মন্দিৰত হোৱা প্ৰথমটো আক্ৰমণ আৰু তাৰ পৰৱৰ্তী সময়ৰ কেইবাটাও আক্ৰমণেও ভাৰতীয় জনসাধাৰণৰ আধ্যাত্মিক বিশ্বাসত আঘাট হানিব পৰা নাছিল। বৰঞ্চ, এই ঘটনাসমূহে ভাৰতৰ সাংস্কৃতিক একতাৰ ভাৱটোক অধিক দৃঢ়হে কৰিলে আৰু সোমনাথ মন্দিৰ বাৰে বাৰে নতুন ৰূপত পুনৰ নিৰ্মাণ হৈ উঠিল।

‘X’-ত কৰা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখে—

“আজিৰ পৰা ‘সোমনাথ স্বাভিমান পৰ্ব’ৰ শুভ আৰম্ভণি হৈছে। হাজাৰ বছৰৰ পূৰ্বে, ১০২৬ চনৰ জানুৱাৰী মাহত সোমনাথ মন্দিৰে ইতিহাসৰ প্ৰথমটো আক্ৰমণৰ সন্মুখীন হৈছিল। সেই আক্ৰমণ আৰু তাৰ পৰৱৰ্তী সময়ৰ অসংখ্য আঘাটেও আমাৰ চিৰন্তন বিশ্বাসক অকণো লৰচৰ কৰিব নোৱাৰিলে। বৰঞ্চ, ই ভাৰতৰ সাংস্কৃতিক ঐক্যৰ ভাৱটোক অধিক শক্তিশালীহে কৰিলে। মই পূৰ্বৰ সোমনাথ ভ্ৰমণৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ। আপুনিও যদি কেতিয়াবা সোমনাথলৈ গৈছে, তেন্তে #SomnathSwabhimanParv হেছটেগেৰে আপোনাৰ ফটোসমূহো শ্বেয়াৰ কৰক।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমনাথ স্বাভিমান পৰ্বক এটা “স্মৰণ উৎসৱ” বুলি অভিহিত কৰে। তেওঁ কয় যে এই উৎসৱটো সেইসকল অগণিত ভাৰতীয়ৰ স্মৃতিত উৎসৰ্গিত, যিসকলে যিমানেই ভয়াৱহ বা কঠিন সময় নহওক কিয়, নিজৰ মূল্যবোধ আৰু আদৰ্শৰ সৈতে কেতিয়াও আপোচ কৰা নাছিল।

তেওঁ লগতে কয় যে ভাৰতীয় সভ্যতা আৰু সাংস্কৃতিক চেতনাৰ প্ৰতি সেইসকল লোকৰ নিষ্ঠা সদায় অটুট আছিল। হাজাৰ বছৰীয়া এই অটল বিশ্বাসে দেশৰ একতা বজাই ৰাখিবলৈ সকলোকে সদায় অনুপ্ৰাণিত কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে ২০০১ চনৰ ৩১ অক্টোবৰত সোমনাথত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীৰ ফটোও শ্বেয়াৰ কৰে। উল্লেখ্য যে, ১৯৫১ চনত সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণ কৰি উদ্বোধন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সেইবৰ্ষত স্বৰ্ণ জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ১৯৫১ চনৰ সেই ঐতিহাসিক উদ্বোধনী অনুষ্ঠানত তদানীন্তন ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ উপস্থিত আছিল।

এই প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু কে.এম. মুন্সীকে ধৰি বহু বিশিষ্ট নেতাৰ ভূমিকাক অত্যন্ত প্ৰশংসনীয় বুলি অভিহিত কৰে। ২০০১ চনৰ সেই অনুষ্ঠানত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু গৃহমন্ত্ৰী এল.কে. আদৱানীসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে ২০২৬ চনত ১৯৫১ চনৰ সেই ঐতিহাসিক মহোৎসৱৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব (প্লেটিনাম জয়ন্তী)।

উল্লেখ্য যে, ১১ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে সোমনাথ ভ্ৰমণ কৰি ‘সোমনাথ স্বাভিমান পৰ্ব’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৮ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ পালন কৰিবলগীয়া এই পৰ্বত ভাৰতৰ আধ্যাত্মিক ঐতিহ্য, সাংস্কৃতিক গৌৰৱ আৰু সামাজিক মূল্যবোধক লৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ আগমন, মৌচন্দা পথাৰত অন্তহীন ব্যস্ততা চৰকাৰ প্ৰশাসনৰ


Advertisement