Wild Elephant Attack in Nagaon Claims Two Lives, Three Injured in Kachuaনগাঁৱত বন্যহস্তীৰ আক্ৰমণত মহিলা সহ দুজন নিহত

নগাঁওঃ নগাঁও জিলাত ক্ৰমাৎ তীব্ৰ হৈ উঠিছে মানুহ আৰু বন্যহস্তীৰ সংঘাত। জিলাখনৰ কচুৱা অঞ্চলৰ ৰাঙলুবস্তীত শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা এক শোকাবহ ঘটনাত বন্যহস্তীৰ আক্ৰমণত মহিলা সহ দুজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয় (Wild Elephant Attack in Nagaon)।

মৃত লোককেইজনক চাহাজ উদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আহত লোকসকল হৈছে কামাল উদ্দিন, আমিৰ হামজা আৰু নুৰুল হক। আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় লোকসকলৰ মতে, খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ এটা জাকে শনিবাৰে পুৱতি নিশা ৰাঙলুবস্তীত প্ৰৱেশ কৰি ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰে। হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহ ভাঙি পেলোৱাৰ লগতে বাসিন্দাসকলৰ ওপৰত আক্ৰমণ চলায়। আকস্মিক এই ঘটনাত অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। স্থানীয় ৰাইজেও হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলায় যদিও সফল হ’ব নোৱাৰিলে।

উল্লেখযোগ্য যে, কচুৱা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বিগত কিছুদিন ধৰি বন্যহস্তীৰ জাকটোৱে নিয়মিতভাৱে উপদ্ৰৱ চলাই আহিছে। কৃষিভূমি নষ্ট কৰাৰ লগতে গাঁওসমূহত প্ৰৱেশ কৰি ঘৰ-বাৰী ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। তথাপিও সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত বনবিভাগে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।

ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে বনবিভাগৰ বিৰুদ্ধে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি হাতী-মানুহ সংঘাত ৰোধৰ বাবে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনায়। স্থানীয়সকলৰ মতে, সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’লে এই দুখজনক ঘটনাটো এৰাই যাব পৰা গ’লহেঁতেন।

ইফালে, ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। নিহতসকলৰ পৰিয়ালবৰ্গৰ মাজত কান্দোনৰ ৰোল উঠিছে।

লগতে পঢ়কঃ জোঙাল বলহু গড়ত তিৱা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা


Advertisement