নগাঁওঃ ১১৩ বছৰীয়া ভোগালী উৎসৱে উৎসৱমুখৰ কৰি তুলিলে কলঙৰ বাকৰি নেহৰুবালি (Kolong Bakori Bhogali Bihu)। ১১২ বছৰ অতিক্ৰম কৰি ১১৩ বছৰত ভৰি দিয়া সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এইবেলিও ৬ দিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ভোগালী উৎসৱ। মঙলবাৰৰ পৰা কলঙৰ বাকৰি নেহৰুবালিত আৰম্ভ হোৱা ভোগালী উৎসৱৰ দ্বিতীয় দিনা পুৱা ৯ বজাত ৰাজ্যিক শিশু আৰু নাৰীগৃহত সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে বিহুৰ জলপান বিতৰণ কৰি পৰৱৰ্তী সময়ত বিহুৰ পতাকা উত্তোলন কৰে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলীফুকনে (Sodou Nagaon Bhogali Bihu)।

পতাকা উত্তোলনৰ পাছত কলঙৰ বাকৰি নেহৰুবালিত মেজি প্ৰজ্বলন কৰা হয়। মেজি প্ৰজ্বলন কৰে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিহুৰ অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও (MLA Rupak Sharma)।
মেজি প্ৰজ্বলনৰ পাছতেই নেহৰুবালিত অনুষ্ঠিত হয় বিহু নৃত্যও।
নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হোৱা ভোগালী উৎসৱত বিহুৰ পৰম্পৰা ৰক্ষা কৰি নগাঁও জিলাৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছত একেলগে বিহুৰ জলপান গ্ৰহণ কৰাৰ পাছত বিভিন্ন খেল ধেমালীৰ অনুষ্ঠান অনুষ্ঠিত হয়।
৬ দিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে মঙলবাৰৰ পৰা সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ১১৩ তম ভোগালী উৎসৱৰ তৃতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে পুৱাই জনপ্ৰিয় অভিনেতা যতীন বৰা, দীপজ্যোতি কেউট, কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ উপস্থিতিত উলিওৱা হ’ব বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ( Six Days Program)।
লগতে প্রিয় শিল্পী জুবিন গাৰ্গৰ নামত ‘মায়াবিনি ৰাতিৰ বুকুত’ শীৰ্ষক জুবিন গাৰ্গৰ গীতৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন গীত, নৃত্য, চিত্ৰাংকন আদি প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব ভোগালী উৎসৱত (Assam Bhogali Bihu Festival)।
মাঘ বিহুৰ দিনা এক উৎসবমুখৰ পৰিবেশ বিৰাজ কৰে কলঙৰ বাকৰি নেহৰুবালিত।
লগতে পঢ়কঃ কলঙৰ বাকৰিত ৰংঘৰ!
