নগাঁওঃ ফলাফলত পনৰ উজ্বলিল মধ্য অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়। সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰতে অতি সুন্দৰ ফলাফল প্ৰদৰ্শন কৰি উজ্বলি উঠিছে নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয় । বিদ্যালয়খনৰ অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰ পৰা ৭৪ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্ট্ৰিংচন ৬১ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ আৰু ৩২ গৰাকী শিক্ষাৰ্থীয়ে সাধাৰণ প্ৰথম বিভাগ লাভ কৰিবলৈ সক্ষম হয় (Nagaon HSLC Result 2026)।
ডিষ্ট্ৰিংচন নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থী সকলৰ বৰ্ণিল দাসে ৯৬.৮৩%,ইমন জ্যোতি বৰাই ৯৬.৩৩%, ৰিম্পী দাসে ৯৬.১৬%, দীশান্ত কটকীয়ে ৯৬%, ৰিছাদ আনচাৰিয়ে ৯৫.৫%,শাদ আল জামীয়ে ৯৫.৩৩%, কুঁৱলী কাশ্যপে৯৫.৩৩আৰু দৃষ্টিনন্দা বৰুৱাই ৯৫.১৬% নম্বৰেৰে অনুষ্ঠানটোৰ লগতে অঞ্চলটোলৈও সফলতাৰ বাৰ্তা কঢ়িয়াই আনিছে।
১০০% নম্বৰ প্ৰাপ্তিৰে ইমন জ্যোতি বৰা আৰু ৰিছাদ আনচাৰিয়ে অসমীয়া বিষয়ত, দীশান্ত কটকী, কুঁৱলী কাশ্যপ, ছোহেইব তানৱেৰ, পাৰ্থ প্ৰতিম বৰগোহাঁই,ৰাজ ৰাতুল হাজৰিকা আৰু শান্তনু দাসে গণিত বিষয়ত,সুহানা আলম আৰু গৌৰৱ জ্যোতি বৰাই উচ্চ গণিতত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যৱসায়, অভিভাৱকসকলৰ তৎপৰতা, শিক্ষক সকলৰ নেৰা নেপেৰা চেষ্টা আৰু প্ৰতিষ্ঠানটিৰ সুচাৰু শাসন ব্যৱস্থাই শিক্ষাৰ্থী সকলক উপকৃত কৰাৰ লগতে সমাজ জীৱনলৈ কঢ়িয়াই আনিছে ইতিবাচক বাৰ্তা। অনুষ্ঠানটোৰ নিয়মীয়া Mock Test, ম’বাইল ফোন নিষিদ্ধ কৰণ আদি অনেক যোগাত্মক দিশ এই সুন্দৰ ফলাফলৰ প্ৰধান কাৰণ।
লগতে পঢ়কঃ নগাঁৱত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটদান, ক’ত কিমান শতাংশ হৈছে ভোটদান?

