নগাঁও: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলালৈ সুনাম কঢ়িয়াই অনা কৃতিমান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ প্ৰতিগৰাকী শিক্ষাৰ্থীকে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে (HSLC Result Nagaon 2026)।
উল্লেখনীয় যে ২০২৬ বৰ্ষৰ এই পৰীক্ষাত ৰাজ্যৰ সৰ্বমুঠ ৪,২৯,২৪৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত নগাঁও জিলাৰ পৰা মুঠ ২৩,০৮৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
ইয়াৰে ৪,৩৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৮,১২৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২,১৬১ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত সফলতাৰে উত্তীৰ্ণ হৈছে।
জিলাখনত সৰ্বমুঠ ১৪,৬৭৪ গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে সামগ্ৰিক উত্তীৰ্ণৰ হাৰে ৬৩.৫৭ শতাংশ স্পৰ্শ কৰিছে।
নগাঁও জিলাৰ শৈক্ষিক পৰিৱেশ অধিক সুদৃঢ় আৰু উন্নত কৰাৰ বাবে জিলা প্ৰশাসনে সদায় যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰ ফলস্বৰূপে আগন্তুক দিনবোৰত জিলাখনৰ বিদ্যালয়সমূহে আৰু অধিক চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰিছে।
একেদৰে যিসকল শিক্ষাৰ্থীয়ে এইবাৰ আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল, তেওঁলোকক অকণো নিৰাশ নহৈ দুগুণ উৎসাহেৰে আগুৱাই যাবলৈ তেওঁ আহ্বান জনাইছে।
লগতে পঢ়কঃ অব্যাহত নগাঁৱৰ ৰামানুজনৰ সাফল্যৰ ধাৰা

