নগাঁওঃ বৃহস্পতিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জুৰীয়াৰ কেইবাখনো বিদ্যালয়ে চমকপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে জুৰীয়াৰ উল্লেখযোগ্য ব্যক্তিগতখণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান এক্সেল ভিজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এশ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোত গৌৰৱ আনিবলৈ সক্ষম হৈছে (Assam HSLC Result 2026)।
শিক্ষানুষ্ঠানটিৰ দুগৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ লাভ কৰাৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। আন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰ-আজান বিদ্যাপীঠৰ মেধাৱী ছাত্ৰী মাহীন চুলতানই অসমীয়া বিভাগত এশ ৰ ভিতৰত এশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
জুৰীয়া কিডছ ফ্লাৱাৰ একাডেমীৰ ছাত্ৰ -ছাত্ৰীয়েও উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জুৰীয়াৰ ঐতিহ্যমণ্ডিত শিঙ্গাৰী হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ শূণ্য হোৱাত জুৰীয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে ব্যক্তিগত ঔখণ্ডৰ বিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত হোৱাৰ বিপৰীতে চৰকাৰী বিদ্যালয়ৰ নিম্নগামী ফলাফলে বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে।
লগতে পঢ়কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

